কোকৰাঝাৰৰ কোৱাৰেণ্টাইন গৃহ পৰিদর্শন ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ ৰাজ্যৰ বিত্ত–স্বাস্থ্য আৰু অন্যান্য দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শনিবাৰে কোকৰাঝাৰত উপস্থিত হৈ জিলা প্রশাসন আৰু বিটিচি প্রশাসনৰ সৈতে বৈঠকত মিলিত হয়৷ কোকৰাঝাৰ আৱর্ত ভৱনত বিটিচি প্রশাসনৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছতে মন্ত্রী ড০ শর্মাই নিকটৱর্তী কঁঠালগুৰিস্থিত ভাৰতীয় ক্রীড়া প্রাধিকৰণত নির্মাণৰত কোৱাৰেণ্টাইন গৃহ পৰিদর্শন কৰে৷
কোৱাৰেণ্টাইন গৃহ পৰিদর্শন কালত মন্ত্রী ড০ শর্মাক সংগ দিয়ে বিটিচিপ্রধান হাগ্রামা মহিলাৰী, সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্রী চন্দন ব্রহ্ম, প্রমীলাৰাণী ব্রহ্ম আদিকে ধৰি বি পি এফৰ প্রায়ভাগ শীর্ষ নেতৃত্বই৷ পৰিদর্শনৰ অন্তত মন্ত্রীজনে সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যৰ কমেও ৫ লাখ লোক ৰাজ্যৰ বাহিৰত আছে৷
লকডাউন খোলাৰ পাছত অসমৰ বাহিৰত থকা ৰাজ্যৰ ৫ লাখ নাগৰিকৰ ভিতৰত কমেও এক লাখ ৫০ হাজাৰ লোক অসমলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰি তেওঁ কয় যে উক্ত লোকসকলক প্রথমে স্বাস্থ্য পৰীক্ষা কৰা হ’ব আৰু চিকিৎসকৰ পৰামর্শ অনুসৰি কাৰোবাক যদি কোৱাৰেণ্টাইন কৰিব লগা হয়, তাৰ বাবে ব্যৱস্থা প্রায় সম্পূর্ণ হৈ উঠিছে বুলি কয়৷ বিনেশ্বৰ ব্রহ্ম ইঞ্জিনীয়াৰিং কলেজ আৰু চাই কমপ্লেক্সত ইয়াৰ ব্যৱস্থা কৰা হৈছে৷ পজিটিভ ৰোগীক কোৱাৰেণ্টাইন গৃহৰ পৰিৱর্তে চিকিৎসালয়ত ৰখা হ’ব৷
Visited the under construction quarantine site at Kokrajhar along with MoS @Pijush_hazarika, Min Chandan Brahma, BTC Chief Hagrama Mohilary & MP @DaimaryMp. Likely to be ready soon, this 1000-bed quarantine centre shall bolster our preparedness. #AssamCares pic.twitter.com/CxwSO1rjMm
— Himanta Biswa Sarma (@himantabiswa) April 25, 2020