নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কোৱাৰেণ্টাইন ভালকৈ মানিলে ৰোগীৰ সংখ্যা বাঢ়িলেও ভয়ৰ কাৰণ নাই’

নিয়মীয়া বাৰ্তা, ১৯ মেঃ ৰাজ্য়ত বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। বৰ্তমানলৈ আক্ৰান্ত হৈছে ১৫৪জন লোক। এইসন্দৰ্ভত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে  ৰাজ্যবাসীৰ বাবে এইটো ভাল খবৰ যে এতিয়ালৈ যিমান সংখ্যক লোক আক্ৰান্ত হৈছে আটাইকেইজন লোকেই কোৱাৰেণ্টাইন চেণ্টাৰত থকা। গতিকে সামাজিকভাৱে সংক্ৰমণ হোৱা নাই।

আমি যদি ভালকৈ কোৱাৰেণ্টাইন মানো আৰু ৰাইজে আমাক সহযোগ কৰে তেন্তে আক্ৰান্তৰ সংখ্যা বাঢ়িলেও ভয়ৰ কোনো কাৰণ নাই। কিন্তু কোৱাৰেণ্টাইনত থকা লোকসকলে যদি আইন নামানি ওলাই আহে তেন্তে চৰকাৰৰ বাবে সকলো কঠিন হৈ পৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।

You might also like