নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ চীনৰ য়ুহান চহৰৰ পৰা উৎপত্তি হোৱা ক’ৰোনা ভাইৰাছৰ আতংক তথা ভয়াৱহতাই সমগ্ৰ বিশ্বকে ত্ৰাহি মধুসুধন দেখুৱাইছে । বিশ্বৰ প্ৰায় ২০০ খন দেশত বিয়পি পৰিছে এই মাৰাত্মক ভাইৰাছ । এই ভাইৰাছক ধৰ্মৰ দৃষ্টিকোণৰে কেতিয়াও নাচাব আৰু অসাৱধানতাৰ কবলত নপৰিব বুলি মন্তব্য কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক তবিবৰ ৰহমানে । এক বিবৃতিত বিজেপিৰ সংখ্যা লঘু মৰ্চাৰ সাধাৰণ সম্পাদক ৰহমানে কয় যে কিছু সংখ্যক ইছলাম ধৰ্মাৱলম্বী ব্যক্তিয়ে এক ভয়ানক অপপ্ৰচাৰ চলাই আছে বুলি কিছু সচেতন যুৱ বন্ধুয়ে আমাৰ দৃষ্টিগোচৰ কৰিছে আৰু হোৱাটচআপ গ্ৰুপে গ্ৰুপে এখন গোহাৰিৰ দ্বাৰা অপপ্ৰচাৰ চলাই থকা হৈছে যে মুছলমান সকলক ক’ৰোনা ভাইৰাছে আক্ৰমণ নকৰে । তেওঁলোকৰ মতে এজন সঁচা মুছলমান এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত নহয় আৰু সেয়ে সঁচা মুছলমান হোৱাৰ চেষ্টা কৰিলেই ভয়ৰ কাৰণ নাই । মুছলমানসকল ক’ৰোনা ভাইৰাছৰ বাবে আতংকিত হোৱাৰ কোনো কাৰণ নাই তাৰ পৰিৱৰ্তে এই গোহাৰিত প্ৰকাশ কৰা হৈছে যে অন্য ধৰ্মৰ লোকহে ইয়াৰ দ্বাৰা আক্ৰান্ত হ’ব । ই অতি নিম্নখাপৰ, মধ্যযুগীয় নাভুত নাশ্ৰুত আজৱ ঘটনা । ই অতিশয় অমানৱীয়, অবৈজ্ঞানিক, দুৰ্ভাগ্যজনক বিষয়।
যিটো সময়ত সমগ্ৰ বিশ্বতে মাৰাত্মক ক’ৰোনা ভাইৰাছে মহামাৰী ৰূপ ধাৰণৰ পিছতে ইয়াৰ ভয়াবহতাৰ বিষয়ে বৈজ্ঞানিক গৱেষণা কেন্দ্ৰত ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈ মাৰাত্মক ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত পৰীক্ষা নিৰীক্ষা চলি থকাৰ সময়তে এনেধৰণৰ অদ্ভুত অপপ্ৰচাৰে মুছলমান লোক সকলৰ লগতে সমগ্ৰ দেশকে ক্ষতি কৰিব। সকলো মুছলমান ভাই, বন্ধু, জেষ্ঠ, কনিষ্ঠ সকলোকে বিনম্ৰতাৰে অনুৰোধ জনাই ৰহমানে কয় যে কোনো ধৰণৰ মস্তিস্কহীন অপপ্ৰচাৰক গুৰুত্ব নিদি কেৱল মাত্ৰ চৰকাৰ আৰু প্ৰশাসনৰ নিৰ্দেশনাৱলীসমূহ পালন কৰিবলৈ চেষ্টা কৰক। এই সময়খিনি অতি স্পৰ্শকাতৰ আৰু ভয়ানক, এই সময়ছোৱাত বহুতো ধৰ্মৰ গইনা লৈ ভণ্ডসকলে নিজৰ মুনাফা লাভৰ বাবে আপোনাৰ জীৱনৰ লগত খেলা খেলিবলৈ চেষ্টা কৰিব। বিজেপিৰ নেতা জনে জীৱন সুৰক্ষিত ৰখাৰ স্বাৰ্থত এই ভণ্ডসকলক চিনাক্ত কৰি প্ৰশাসনক সহায় কৰাৰ বাবে সদায় সতৰ্কতা অৱলম্বন কৰি দোষীক কৰায়ত্ব কৰাত সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াবলৈ ৰাইজক অনুৰোধ জনাই সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক গৰাকীয়ে।