নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ৰোধৰ বাবে সাময়িকভাৱে বন্ধ হৈছে হয়গ্ৰীৱ মাধৱ, কেদাৰ মন্দিৰকে ধৰি ধৰ্মীয় স্থানসমূহ

নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ ক’ৰোনা ভাইৰছৰ আতংকত ভূগিছে বিশ্ববাসী । মঠ-মন্দিৰ-মছজিদ সকলোতে যাতে ক’ৰোনা ভাইৰাছ সংক্ৰামিত হব নোৱাৰে তাৰবাবে প্ৰতিখন পৰিচালনা সমিতিয়ে বিশেষ ব্যৱস্থা হাতত লোৱা দেখিবলৈ পোৱা গৈছে । ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে ঘনাই-ঘনাই অনুষ্ঠিত কৰিছে সজাগতা সভা । তীৰ্থনগৰী হাজোৰ প্ৰতিখন পীঠ হয়গ্ৰীৱ মাধৱ মন্দিৰ , কেদাৰ, কামেশ্বৰ,কমলেশ্বৰ আৰু গনেশ আদি দৰ্শনাৰ্থীৰ বাবে সাময়িক ভাবে বন্ধ কৰি দিয়াৰ কথা পঞ্চতীৰ্থৰ দলৈ শিৱপ্ৰসাদ শৰ্মাই ঘোষনা কৰিছে । যতে কোনো দৰ্শনাৰ্থীৰ শৰীৰত এই মৰাত্মক বীজানু বিধে সংক্ৰামিত কৰিব নোৱাৰে । ক’ৰোনা ভাইৰাছে এতিয়া সমগ্র বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰি আহিছে ।

You might also like