নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণ সংক্রমণৰ আশংকাত পৰিয়ালে নল’লে আক্রান্তৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ সুদীর্ঘ ৮ বছৰৰ পাছত নবী মুম্বাইৰ কর্মস্থলীৰ পৰা অহা যুৱকজনে নিজ ঘৰ দেখা নাপালে৷ ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ যোৱা ৯ জুনত হোজাইৰ আজিবুৰ ৰহমান লস্কৰ নামৰ যুৱকজনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুক আঁকোৱালি লয়৷ অৱশ্যে মৃত্যুৰ পাছতহে নিশ্চিত হয় যে আজিবুৰ প্রকৃততে ক’ভিড–১৯ পজিটিভ বুলি৷

স্মর্তব্য যে বিমানৰ টিকটত আজিবুৰৰ নাম আৰু ঠিকনা ভুলকৈ লিখাৰ বাবে তেওঁৰ পৰিচয়ক লৈ কিছু বিভ্রান্তি সৃষ্টি হৈছিল৷ সংবাদ মাধ্যমত নাম ভুলকৈ প্রকাশ কৰাৰ লগতে স্বাস্থ্য বিভাগেও ভুল পৰিচয় দিছিল৷ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনতো আছিল ভুল নাম৷ পাছত নামৰ বিভ্রান্তি দূৰ হ’লেও পৰিয়ালে আজিবুৰৰ মৃতদেহ জানাজাৰ বাবে চমজি ল’বলৈ অস্বীকাৰ কৰে৷ ক’ভিড–১৯ৰ গণসংক্রমণৰ আশংকাতে পৰিয়ালৰ লোকসকলে তেওঁক হোজাইলৈ লৈ যোৱা বাবে অমান্তি হয়৷ ইয়াৰ পৰিৱর্তে তেওঁলোকে চৰকাৰক গুৱাহাটীতে মৃতদেহ সৎকাৰৰ বাবে অনুৰোধ জনায়৷

উল্লেখ্য যে ২৭ বছৰীয়া আজিবুৰ যোৱা এবছৰৰ পৰা মধুমেহ ৰোগত আক্রান্ত হৈ আছিল৷ ইয়াৰ পৰিপ্রেক্ষিততে ক’ভিডে তেওঁৰ শৰীৰত জটিলতাৰ সৃষ্টি কৰে বুলি অনুমান কৰা হৈছে৷ মুম্বাইৰ পৰা আজিবুৰে গুৱাহাটী অভিমুখী বিমানত উঠিছিল ৫ জুনত৷ তিনি দিন সৰুসজাইৰ কোৱাৰেণ্টাইন কেম্পত থকাৰ পাছত আজিবুৰৰ ছোৱাবৰ নমুনা লৈ ঘৰলৈ পঠিওৱাৰ যো–জা চলোৱা হৈছিল৷ কিন্তু সেই দিনাই গুৰুতৰভাৱে অসুস্থ হৈ পৰাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল৷

দুর্ভাগ্যবশতঃ ছোৱাব টেষ্টৰ ফলাফল ওলোৱাৰ পূর্বেই আজিবুৰৰ মৃত্যু হয়৷ ১০ জুনৰ দিনা হোজাইৰ পৰা পৰিয়ালৰ লোক জি এম চি এইচত উপস্থিত হয় যদিও পৰীক্ষাৰ প্রতিবেদন নহাত মৃতদেহ চমজি ল’ব নোৱাৰিলে৷ যোৱানিশা ম’বাইল ফোনযোগে আজিবুৰ ক’ভিড–১৯ পজিটিভ বুলি পৰিয়ালক জনোৱা হয়৷

উল্লেখ্য যে ২০১২ চনতে মুম্বাইলৈ কাম বিচাৰি যোৱা আজিবুৰ হ’ল হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ বালিৰাম গাঁৱৰ হবিবুৰ ৰহমানৰ কনিষ্ঠ পুত্র৷ নবী মুম্বাইত তেওঁ ঘৰৰ কাষৰে আন এজন যুৱকৰ সৈতে আছিল৷ দুয়ো মুম্বাইৰ একেটা কোম্পানীতে কাম কৰিছিল৷ বালিৰাম গাঁৱৰ শুকুৰ আলীৰ পুত্র নুৰ আহমেদো মুম্বাইৰ পৰা আজিবুৰৰ সৈতে একেলগে আহিছিল৷ সম্প্রতি নুৰ কোৱাৰেণ্টাইনত আছে৷

লক্ষণীয়ভাৱে এইপর্যন্ত নুৰৰ ছোৱাব টেষ্টৰ ফলাফল অহা নাই৷ ফলত আতংকৰ মাজত সময় কটাইছে গাঁওবাসীয়ে৷ নুৰে যাতে কোৱাৰেণ্টাইনৰ নিয়ম ভংগ নকৰে, তাৰ ওপৰত গাঁওবাসীয়ে চোকা নজৰ ৰাখিছে৷ উল্লেখ্য যে হোজাইত দ্রুত হাৰত বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা৷ অৱশ্যে জিলাখনত এয়া প্রথমজন ক’ভিড ৰোগীৰ মৃত্যু হ’ল৷

You might also like