নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক ২০০খন হেড গিয়েৰ–আই শ্বিল্ড প্রদান

নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ ক’ভিড–১৯ৰ ব্যাপক সংক্রমণৰ পৰিপ্রেক্ষিতত সমগ্র বিশ্বতে যি এক আতংকৰ পৰিৱেশ সৃষ্টি হৈছে, তাৰ সমান্তৰালকৈ চিকিৎসা সেৱাৰ লগত জড়িত বহুতো দিশত অনাকাংক্ষিত নাটনিৰ উদ্ভৱ হৈছিল ৷ সমসাময়িকভাৱে প্রচাৰ লাভ কৰা পি পি ই কিট অন্যতম ৷ পি পি কিট ক’ভিড ৰোগীৰ চিকিৎসাৰ লগত জড়িত প্রতিগৰাকী চিকিৎসা কর্মীক তেনেকুৱা ৰোগীৰ পৰীক্ষা আৰু চিকিৎসাৰ সময়ত ব্যৱহাৰ কৰিব লগা হয়, তেন্তে এই পি পি কিটৰ নাটনি আৰু ব্যয়বহুল হোৱাৰ বাবে মহানগৰৰ আগশাৰীৰ ব্যক্তিগত চিকিৎসালয় হায়াট হাস্পতালে এক প্রশংসনীয়া পদক্ষেপ হাতত লৈছে ৷ হায়াট হাস্পতালে নিজাববীয়াকৈ এই পি পি ই কিটৰ এক বিকল্প পদক্ষেপ হাতত লৈ ‘হেড গিয়েৰ আৰু আই শ্বিল্ড’ তৈয়াৰ কৰিছে আৰু খুব কম সময়ৰ ভিতৰতে হাস্পতালৰ এক প্রচেষ্টাই বহুলভাৱে জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হৈছে ৷ হাস্পতালখনে সামাজিক দায়বদ্ধতা পালন কৰি এই সামগ্রী ২০০খন সোমবাৰে গুৱাহাটী মেডিকেল কলেজ আৰু হাস্পতালৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰৰ হাতত প্রদান কৰে ৷ হায়াট হাস্পতালৰ হৈ পি পি ই কিট প্রদানত মহাপ্রবন্ধক পৰাগজ্যোতি দত্ত আৰু অধীক্ষক ডাঃ নাছিমুৰ ৰিয়াজে উপস্থিত থাকে ৷

You might also like