নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰত জিলিকিল বর্ণিল কৃষ্টি–সংস্কৃতি

ৰাভা হাছং সাংস্কৃতিক সমাৰোহঃ ৰাভা চুক্তিৰ ৰূপালী জয়ন্তী

নিয়মীয়া বাৰ্তা ১৪ মাৰ্চঃ ‘মানুহৰ শৰীৰৰ সৈতে যিদৰে আত্মাৰ সম্পর্ক, ঠিক সেইদৰে আমাৰ শৰীৰৰ সৈতে বস্ত্রৰ সম্পর্ক আছে৷’ এই মন্তব্য অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্পৰ উপ–সঞ্চালক ড০ জয়ন্ত দেৱ শর্মাৰ৷ যোৱা ১১ মার্চৰ পৰা চাৰিদিনীয়া বর্ণিল কার্যসূচীৰে গোৱালপাৰাৰ ৰেন্দু–পেন্দু হাচুত চলি থকা ৰাভা হাছং সাংস্কৃতিক সমাৰোহ আৰু ৰাভা চুক্তিৰ ৰূপালী জয়ন্তী সমাৰোহৰ তৃতীয় দিনাৰ কার্যসূচী অনুসৰি ‘ৰাভা হাছং অঞ্চলৰ জনগোষ্ঠীয় সাজপাৰ আধুনিকীকৰণৰ জৰিয়তে উত্তৰণ আৰু আর্থ–সামাজিক উন্নয়নত মহিলাসকলৰ দায়িত্ব আৰু কর্তব্য’ শীর্ষক আলোচনা–চক্রত অংশ লৈ উপ–সঞ্চালকগৰাকীয়্ আৰু কয় যে গ্রাম্য অঞ্চলৰ মহিলাসকলে বয়ন শিল্পৰ কাম জানে৷ এই মহিলা শিল্পীসকলে স্বকীয়তা আৰু বৈশিষ্ট্য বজাই ৰাখিছে৷ তেওঁ লগতে কয়– মংগলীয় জনগোষ্ঠীৰ মহিলাসকল বোৱা–কটাত পার্গত৷ নিজৰ জনগোষ্ঠীয় চানেকি, প্রতীকসমূহ বস্ত্রত অংকন কৰিব জানে৷ প্রতিটো জাতি–জনগোষ্ঠীক চানেকিৰে ভৰা বস্ত্রসমূহে সমাজত নিজৰ নিজৰ চিনাকি কৰাই দিয়ে৷ প্রসংগক্রমে তেওঁ উল্লেখ কৰে যে ইতিমধ্যে ৰাভা জনগোষ্ঠীৰ সাতগৰাকীকৈ শিপিনীয়ে জনগোষ্ঠীয় বস্ত্রৰে ৰাষ্ট্রীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ এয়া মহিলাসকলৰ বাবে গৌৰৱৰ বিষয়৷ তদুপৰি তেওঁ কয় যে বর্তমান জনগোষ্ঠীয় সাজপাৰৰ আন্তর্জাতিক বজাৰ আছে৷ এইক্ষেত্রত শিপিনীসকলে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগত যোগাযোগ কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে৷ নিখিল ৰাভা সাহিত্য সভাৰ প্রাক্তন সাধাৰণ সম্পাদক বিশ্বনাথ ৰাভা তাৰাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা–চক্রত মেঘালয়ৰ বস্ত্র ডিজাইনাৰ তাপসী হাডু সমল ব্যক্তি হিচাপে উপস্থিত থাকি বস্ত্রশিল্পৰে কেনেদৰে আর্থ–সামাজিক দিশত মহিলাসকল আগবাঢ়ি যাব পাৰে সেই সম্পর্কে ব্যাখ্যা কৰে৷ দিনৰ ১১ বজাৰ পৰা ৰাভা জনগোষ্ঠীৰ হামজাৰ নৃত্য, বগেজাৰী নৃত্য, বহুৰঙী নৃত্য, গাৰো জনগোষ্ঠীৰ বাংগালা নৃত্য, কার্বিসকলৰ দোমাহী কিকন নৃত্য, মিজোৰামৰ পৰা অহা মিজোসকলৰ বাঁহ নৃত্যৰ সমাহাৰেৰে ৰেন্দু–পেন্দু হাচুৰ সমাৰোহ থলী উখল–মাখল হৈ পৰে৷

You might also like