নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাহ জনজাতিৰ ১০ সহস্রাধিক শিক্ষার্থীলৈ ৪৪ কোটিৰ জলপানি

নিয়মীয়া বার্তা, ২৭মেঃ অসম চৰকাৰৰ শ্রম আৰু চাহ জনজাতি কল্যাণ বিভাগে চাহ জনজাতিৰ ছাত্র–ছাত্রী আৰু যুৱক–যুৱতীৰ বাবে গ্রহণ কৰা ৪৪ কোটি টকীয়া এক অভিলাষী আঁচনিৰ চূডান্ত ৰূপ দিয়া হয়৷ হিতাধিকাৰীৰ তালিকাৰ পুনৰ পৰীক্ষাৰ পিছত গুৱাহাটীৰ নিজ কার্যালয়ত বিভাগৰ বিষয়াবর্গৰ সৈতে অনুষ্ঠিত এক অনাড়ম্বৰপূর্ণ বৈঠকত শ্রম আৰু চাহ জনজাতি কল্যাণ মন্ত্রী সঞ্জয় কিষাণে চাহ জনজাতিৰ সর্বমুঠ ১০,১৫৮গৰাকী ছাত্র–ছাত্রী আৰু যুৱক–যুৱতীলৈ এই ৪৪ কোটি টকাৰ এককালীন জলপানি প্রদানৰ সিদ্ধান্ত চূডান্ত কৰে৷

প্রথম পর্যায়ত শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ আধাৰত আবেদন জনোৱা ১৪,১৫০জনৰ ভিতৰত পুনৰীক্ষণ কৰি ৭,২৭৩জনক২৫ হাজাৰ টকাকৈ আগবঢ়োৱাৰ লগতে উচ্চ শিক্ষা গ্রহণৰ বাবে চৰকাৰলৈ সাহায্য বিচাৰি আবেদন কৰা মুঠ ১,১৯৭ৰ ভিতৰত ৮০০গৰাকী ছাত্র–ছাত্রীলৈ ১৯ৰ পৰা ২৩ হাজাৰ টকাকৈ আৰু ছাইমন সিং হৰ’ মেট্রিক উত্তীর্ণক বিশেষ জলপানি আঁচনিৰ আধাৰত আবেদন জনোৱা ২,১৪০জনৰ ভিতৰত ১,৪২১গৰাকীক ১০ হাজাৰ টকাকৈ প্রদান কৰা হ’ব৷ তদুপৰি শ্রমমন্ত্রী সঞ্জয় কিষাণৰ বিশেষ তৎপৰতাত চাহ জনজাতি ছাত্র–ছাত্রীৰ এএনএম, জিএনএম আৰু কাৰিকৰী বৃত্তিধাৰী প্রশিক্ষণ গ্রহণ কৰিব বিচৰা মুঠ ১,১০৫জন আবেদনকাৰীৰ ভিতৰত ৬৬৪গৰাকীক ১৫ৰ পৰা ২৫ হাজাৰ টকাকৈ আর্থিক সাহায্য প্রদানত অনুমোদন জনায়৷

মন্ত্রী সঞ্জয় কিষাণে কয় যে চাহ জনজাতিৰ ছাত্র–ছাত্রী আৰু যুৱক–যুৱতীলৈ আগবঢ়োৱা ধনৰাশি নিজ নিজ বেংক একাউণ্টত শীঘ্রে জমা কৰি দিয়া হ’ব৷ মন্ত্রীগৰাকীয়ে লগতে উল্লেখ কৰে যে পুনৰীক্ষণত বাদ পৰাসকলে মহকুমা পর্যায়ত শুদ্ধ তথ্য প্রদান কৰি পুনৰ আবেদন কৰাৰো ব্যৱস্থা গ্রহণ কৰা হৈছে৷ মন্ত্রীগৰাকীয়ে নিজৰ বক্তব্যত উল্লেখ কৰে যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ বলিষ্ঠ নেতৃত্বত অসমৰ প্রতিটো জাতি–জনগোষ্ঠীৰ সমবিকাশ, সমমর্যাদা সম্ভৱ হৈ উঠিছে৷ অসমৰ চাহ জনজাতিসকলৰ জীৱণ ধাৰণৰ মানৰ এতিয়া বহু উত্তৰণ ঘটিছে৷ কংগ্রেছে দশকৰ পাছত দশক ধৰি চাহ জনজাতিসকলক কৰি অহা প্রতাৰণা–প্রৱঞ্চনা বাবে জনগোষ্ঠীটো অতি পিছপৰি যোৱা বুলি ক্ষোভ প্রকাশ কৰি মন্ত্রী সঞ্জয় কিষাণেব্যক্ত কৰে যে বর্তমান অসম চৰকাৰৰ আঁচনিসমূহে খাদ্য, শিক্ষা, স্বাস্থ্য, যোগাযোগ, বাট–পথ, বিজুলী যোগান আদি সকলোতে এক বৈপ্লৱিক পৰিৱর্তন আনি বাগিচাৰ ৰাইজৰ মুখত হঁাহি বিৰিঙাবলৈ সক্ষম হৈছে৷ এইক্ষেত্রত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্য, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অৱদানক মন্ত্রী সঞ্জয় কিষাণে শলাগ লয়৷

You might also like