নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিলেনযুক্ত ঘাইপথ নির্মাণৰ নামত ভাঙি চূর্ণ–বিচূর্ণ কৰিলে অসমীয়াৰ স্বাভিমান শৰাই–খোল–তাল–জাপি

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ নির্মাণ কৰাৰ বাবে নগাঁও জিলাৰ চামগুৰি তিনিআলিৰ সমীপৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত থকা অসমীয়াৰ কৃষ্টি–সংস্কৃতিৰ প্রতীক এখন বৃহৎ আকাৰৰ শৰাই আৰু খোল–তাল–জাপিকে ধৰি বিভিন্ন সম্পদ চাৰিলেনযুক্ত পথ নির্মাণ কোম্পানীয়ে ভাঙি পেলোৱাৰ পাছত স্থানীয় ৰাইজৰ লগতে সামাজিক মাধ্যমত বিভিন্ন প্রতিক্রিয়া সৃষ্টি হোৱাৰ পাছত সোমবাৰে নগাঁও জিলাৰ অভিভাৱক মন্ত্রী পীয়ূষ হাজৰিকা আৰু স্থানীয় বিধায়ক ৰকিবুল হুছেইন উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷

উল্লেখ্য যে চামগুৰিৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত পর্যটকৰ আকর্ষণৰ কেন্দ্র হৈ পৰিছিল এখন বৃহৎ আকাৰৰ শৰাই, অসমীয়াৰ কৃষ্টি–সংস্কৃতিৰ প্রতীক ম’হৰ শিঙৰ পেঁপাৰ সৈতে খুটি তালৰ লগতে মহাপুৰুষজনাৰ অমৰ সৃষ্টি ভোৰতাল–খোলৰ সৈতে এটা জাপি৷ কিন্তু অতি পৰিতাপৰ বিষয় যে সেয়া সোমবাৰে ধবংস কৰিলে চাৰিলেনযুক্ত পথ নির্মাণ কোম্পানীয়ে৷ অশ্বখুৰাকৃতিৰ পক্ষীতীর্থ চামগুৰি বিলৰ সমীপৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত উজনি–নামনিৰ পথচাৰী তথা যাত্রীক আকর্ষণৰ বাবে ডাউন টাউন ফুড ক’টৰ সন্মুখত এখন উদ্যান নির্মাণ কৰা হৈছিল৷

এটা সময়ত চামগুৰি–বিলপাৰ সংযোগী এই পথটোৰ দাঁতিত এটা বৃহদাকাৰ খাৱৈ আছিল৷ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিতে থকা এই খাৱৈত সঘন মটৰ দুর্ঘটনা সংঘটিত হৈ বহুকেইজন লোকে প্রাণ হেৰুৱাবলগীয়া হৈছিল৷ ৰংঘৰ আর্হিৰ এই উদ্যানখনৰ উজনিমুৱা মুখত এখন অসমীয়া বৃহদাকাৰ শৰাই প্রতিষ্ঠা কৰিছিল৷ লগতে নামনিমুৱা পর্যটকক আকর্ষণৰ বাবে এটা কংক্রিটৰ বৃহদাকাৰ জাপিৰ সৈতে ম’হৰ শিঙৰ পেঁপা, মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ সৃষ্টি খোল আৰু ভোৰতাল সংলগ্ণ কৰি স্থাপন কৰা এই ভাস্কর্যই চামগুৰিক এক সুকীয়া মর্যাদা প্রদান কৰিছিল৷

কেইবালাখ ৰাজহুৱা টকা ব্যয় কৰি নির্মাণ কৰা জাপি আৰু শৰাইৰ সমাহাৰৰ এই উদ্যানখন দেশী–বিদেশী পর্যটকৰ আকর্ষণৰ বিন্দু হৈ পৰিছিল৷ প্রয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে এই উদ্যানখন মুকলি কৰিছিল৷ কিন্তু বর্তমান চাৰিলেনযুক্ত পথ নির্মাণৰ বাবে এই উদ্যানখনৰ একাংশ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে অধিগ্রহণ কৰিছে আৰু এনএইচআইডিচিএলৰ জৰিয়তে ঘাইপথটো চাৰিলেনযুক্ত হৈ সম্প্রসাৰণ কাম চলি আছে৷ ৰাষ্ট্রীয় ঘাইপথটোৰ তেলিয়া গাঁৱৰ পৰা ৰঙাগড়া পর্যন্ত সম্প্রসাৰণৰ কাম লাভ কৰিছে ‘গংগা সাগৰ’ নামৰ এটা কোম্পানীয়ে৷ চাৰিলেনযুক্ত পথ নির্মাণৰ অজুহাতত চামগুৰিলৈ গৌৰৱ কঢ়িওৱা এই শৰাহ, জাপি আদি এনএইচআইডিচিএল আৰু ‘গংগা সাগৰ’ কোম্পানীটোৱে ৰাইজৰ অগোচৰে অত্যাধুনিক যন্ত্রপাতিৰে ভাঙি চূর্ণবিচূর্ণ কৰে৷ অকল সেয়াই নহয়, এতিয়া পথ নির্মাণ কোম্পানীয়ে জেচিবি লগাই ভাঙি পথৰ দাঁতিত পেলাই থৈছে৷ শুকুৰবাৰে বিয়লি কোনো জাতীয় সংগঠন অথবা কোনো সচেতন নাগৰিকে দৃষ্টিগোচৰ নকৰি এই সম্পদসমূহ বিনষ্ট কৰাত শেহতীয়াকৈ চামগুৰি আঞ্চলিক ছাত্র সন্থাৰ লগতে সমাজিক মাধ্যমত বিভিন্ন প্রতিক্রিয়াৰ সৃষ্টি হয়৷

বিগত সময়ত চামগুৰি আঞ্চলিক ছাত্র সন্থাই চাৰিলেনযুক্ত পথ নির্মাণ কোম্পানীৰ লগতে চামগুৰি ৰাজহ চক্র বিষয়াকো এই সম্পদসমূহ ধ্বংস নকৰি পুনৰ সংস্থাপনৰ বাবে দাবী জনাই আহিছিল যদিও কোনোধৰণৰ পদক্ষেপ গ্রহণ নকৰিলে বুলি আছুৰ বিষয়ববীয়াসকলে অভিযোগ কৰে৷ মহাপুৰুষজনাৰ কৃষ্টি–সংস্কৃতিৰ আধাৰত নির্মিত শৰাই, খোল, তালসহ স্থাপন কৰা জাপি এইদৰে পথ নির্মাণ কোম্পানীয়ে ভাঙি পেলোৱা কার্যই অকল চামগুৰিবাসীকে অপমান কৰা নাই, মহাপুৰুষজনাকো অপমান কৰিছে বুলি চামগুৰি আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়াসকলে প্রতিক্রিয়া প্রকাশ কৰাৰ লগতে পথ নির্মাণ কোম্পানীয়ে এই সম্পদসমূহ পুনৰ নির্মাণ কৰি চামগুৰিত স্থাপন কৰিব লাগিব বুলি দাবী জনায়৷ চামগুৰিৰ গৌৰৱ এই শৰাই–জাপিৰ ক্ষেত্রত সকলো দল–সংগঠনক আগবাঢ়ি আহিবলৈ আছুৱে আহ্বান জনাইছিল৷ শৰাই–জাপিকে ধৰি বিভিন্ন সম্পদ পথ নির্মাণ কোম্পানীয়ে ভাঙি পেলোৱাৰ প্রতিক্রিয়া সামাজিক মাধ্যমত প্রচাৰ হোৱাৰ পাছত স্থানীয় বিধায়ক ৰকিবুল হুছেইন আৰু নগাঁও জিলাৰ অভিভাৱক মন্ত্রী পীয়ূষ হাজৰিকা  উক্ত স্থানত পৃথকে উপস্থিত হয়৷ স্থানীয় বিধায়ক ৰকিবুল হুছেইন উক্ত স্থানত উপস্থিত হৈ যিহেতু চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ নির্মাণ কৰাৰ ক্ষেত্রত উক্ত সম্পদসমূহ ভাঙিলে, গতিকে এই সম্পদসমূহ একে আর্হিত পুনৰ নির্মাণ কৰিবলৈ চৰকাৰক অনুৰোধ জনায়৷

লগতে উক্ত সম্পদসমূহ পুনৰ নির্মাণৰ ক্ষেত্রত পূর্ণ সহযোগ আগবঢ়াব বুলি স্থানীয় বিধায়ক ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে৷ আনহাতে, পথ নির্মাণ কোম্পানীয়ে ভাঙি পেলোৱা উক্ত সম্পদসমূহ পৰিদর্শন কৰি নগাঁও জিলা অভিভাৱক মন্ত্রী পীয়ূষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে অসমীয়াৰ কৃষ্টি–সংস্কৃতিৰ প্রতীকসমূহ যিহেতু চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ নির্মাণ কৰিবলৈ পথ নির্মাণ কোম্পানীয়ে ভাঙি পেলালে৷ গতিকে সেই একে আর্হিত অতি শীঘ্রে পুনৰ নির্মাণ কৰা হ’ব বুলি প্রকাশ কৰে৷ লগতে পথ নির্মাণ কোম্পানীয়ে ভাঙি পেলোৱা শৰাইখন স্থানীয় ৰাইজৰ পৰামর্শ অনুসৰি কোনো গছৰ তলত ৰখা হ’ব বুলি আশ্বাস প্রদান কৰে৷

আনহাতে, কালি আবেলি স্থানীয় ৰাইজে ধর্মীয় ৰীতি–নীতিৰ মাজেৰে উক্ত শৰাইখন বিসর্জন দিয়ে৷ উল্লেখ্য যে চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ নির্মাণৰ ক্ষেত্রত উক্ত শৰাই–জাপিকে ধৰি বিভিন্ন অসমীয়াৰ কৃষ্টি–সংস্কৃতিৰ প্রতীকসমূহৰ ক্ষতিপূৰণ হিচাপে এক কোটি পোন্ধৰ লাখৰ অধিক টকা জিলাৰ বিভাগীয়ত জমা হৈ আছে৷ এনে ক্ষেত্রত উক্ত সম্পদসমূহ ভাঙি নেপেলাই স্থানান্তৰিত কৰিব পাৰিলে হয় বুলি স্থানীয় সচেতন মহলে মত প্রকাশ কৰিছে৷ কাৰণ চাৰিলেনযুক্ত পথ নির্মাণৰ বাবে পুৰণিগুদাম নআলি মূৰত কিছুদিন পূর্বে অত্যাধুনিক কাৰুকার্যৰে কুতুবমিনাৰ আর্হিৰ মিনাৰটো নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছিল৷ গতিকে চামগুৰিৰ এই সম্পদকেইটাও বিভাগীয়ভাৱে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব পাৰিলে হয় বুলি চামগুৰিৰ বিভিন্ন দল–সংগঠনৰ লগতে সচেতন মহলে মত প্রকাশ কৰিছে৷

You might also like