চৰকাৰী চাকৰি প্ৰত্যাশীলৈ সু-খবৰ
নিয়মীয়া বাৰ্তা, ১ মেঃ ক’ৰোনা ভাইৰাছে দেশজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে অৰ্থনীতি ক্ষেত্ৰখনলৈও ভাবুকি কঢ়িয়াই আনিছে। ব্যৱসায় বাণিজ্য বন্ধ হৈ থকাৰ বাবেই কৰ সংগ্ৰহত তীব্ৰ সংকটত পৰিছে বহুকেইখন ৰাজ্য।
ৰাজ্য চৰকাৰৰ নতুন নিযুক্তি সন্দৰ্ভত প্ৰচাৰিত হৈছে কিছু ভুৱা বাতৰি। বিগত কেইবাদিনো ধৰি চৰকাৰী চাকৰি সন্দৰ্ভত একাংশই বিতৰ্কিত বাতৰি প্ৰচাৰ কৰি আহিছে। আজি এক সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই সকলো ভুৱা তথ্য নস্যাৎ কৰি কয় যে আমি সকলো কাম চলাই যাব লাগিব। কালিলৈ স্বাস্থ্য বিভাগৰ ৪৫২টা পদৰ ফলাফল ওলাব আৰু এইকেইদিনত নতুন প্ৰায় ১,০০০ পদৰো বিজ্ঞাপন ওলাব। ইতিমধ্যে বিত্ত বিভাগে অনুমোদন দিছে। সকলো বিভাগে খালী হোৱা পদবোৰৰ নিয়োগ চলি থাকিব বুলি মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।