নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলসিঞ্চন কেলেংকাৰি: ৫জনীয়া এছআইটি গঠন

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ তদানীন্তন কংগ্রেছ চৰকাৰৰ শাসনকালত জলসিঞ্চন বিভাগত সংঘটিত ২৭০ কোটিটকীয়া কেলেংকাৰি সন্দর্ভত এজন কর্মচাৰীয়ে আত্মহত্যা কৰা ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে বিশেষ তদন্তকাৰী গোট (এছআইটি)৷ ক্রাইম ব্রান্সৰ ডিচিপি বৰুণ পুৰকায়স্থই গঠন কৰি দিয়া এই এছআইটিত আছে ক্রাইম ব্রান্সৰ অতিৰিক্ত ডিচিপি নৱনীত মহন্ত, ক্রাইম ব্রান্সৰ দেৱজিৎ দাস, আমিনুল ইছলাম, ৰঞ্জিত দাস আৰু ধর্মেন্দ্র কলিতা৷ এই ঘটনা সন্দর্ভত উচ্চ ন্যায়ালয়ে প্রদান কৰা নির্দেশৰ ভিত্তিত এই এছআইটি গঠন কৰা হৈছে৷

এক শপতনামাযোগে এছআইটি গঠন কৰাৰ কথা পুৰকায়স্থই উচ্চ ন্যায়ালয়ক অৱগত কৰিছে৷ একে সময়তে এই গোচৰটোৰ তদন্ত ক্রাইম ব্রান্সৰ ডিচিপিয়ে নিৰীক্ষণ কৰিব বুলিও ন্যায়ালয়ক অৱগত কৰিছে৷ একে সময়ত উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে এছআইটিক এই ঘটনাৰ তদন্ত প্রক্রিয়া ক্ষিপ্রতৰ কৰিবলৈ নির্দেশ দিছে আৰু অহা ২৪ আগষ্টৰ পূর্বে তদন্ত প্রক্রিয়া সন্দর্ভত এখন প্রতিবেদন বন্ধ খামত প্রদান কৰিবলৈ নির্দেশ দিছে৷

উল্লেখ্য যে জলসিঞ্চন কেলেংকাৰিত জড়িত থকাৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে ২০১২ চনৰ ২৬ নৱেম্বৰত তেজপুৰত মথুৰ চন্দ্র নাথ নামৰ এজন কর্মচাৰীয়ে আত্মহত্যা কৰিছিল৷ আত্মহত্যাৰ সময়ত লিখি যোৱা এটা টোকাত তেওঁ এই সমগ্র কেলেংকাৰি সন্দর্ভত বিস্তৃতভাৱে লিখি যোৱাৰ লগতে সেই সময়ৰ তদানীন্তন মন্ত্রীগৰাকীয়ে আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা বুলিও উল্লেখ কৰিছিল৷

অৱশ্যে যথেষ্ট গুৰুত্বপূর্ণ এই কেলেংকাৰিৰ তদন্ত প্রক্রিয়া পৰৱর্তী সময়ত যথেষ্ট লেহেমীয়া হৈ পৰে৷ ফলত ঘটনাৰ প্রকৃত দোষীয়ে আজিপর্যন্ত শাস্তি পোৱাৰ পৰা বিৰত আছে৷ শেহতীয়াকৈ এই ঘটনা সন্দর্ভত উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি ক্রাইম ব্রান্সক ক্ষিপ্র তদন্ত কৰাৰ নির্দেশ দিয়াৰ লগতে সমগ্র তদন্ত প্রক্রিয়া নিৰীক্ষণ কৰি আছে৷

You might also like