নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত গ্রাম্য খেলপথাৰ উন্নয়নত দুর্নীতি

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ যি সময়ত চৰকাৰে ক্রীডা ক্ষেত্রৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনিৰ অধীনত কোটি কোটি টকা আবণ্টন দিছে, সেই সময়তে নগাঁও জিলাৰ গ্রামাঞ্চলৰ ক্রীডাৰ উন্নয়নৰ নামত ব্যাপক দুর্নীতি–নিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷ জিলাখনত ক্রীডাৰ উন্নয়নৰ বাবে এজন ক্রীডা বিষয়াৰ অধীনত এটা বিভাগ আছে যদিও এই বিভাগটোৰ বিশেষ কোনো অস্তিত্ব নথকাৰ দৰে হৈছে৷ ক্রীডা বিভাগে মুখ্যমন্ত্রীৰ সমগ্র গ্রাম্য উন্নয়ন যোজনা (চি এম এছ জি ইউ ৱাই)ৰ অধীনত বিগত ২০১৭–১৮ বিত্তীয় বর্ষত জিলাখনৰ পলাশতল কাছমাৰী হাইস্কুল, অমৰ বৰকাকতি হাইস্কুল, ৰমেশ ফুকন স্মাৰক হাইস্কুল, ডাকৰঘাট হাইস্কুল, বঢ়মপুৰ শ্বহীদ স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়, পুৰণিগুদাম আৰ কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়, মিছা হাইস্কুল, শালনা বাপুজী হাইস্কুল, ড০ টি আও গ্রাম্য ষ্টেডিয়াম, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, জুৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিঙলা বি দেৱ হাইস্কুল, গেৰুৱাটি হাইস্কুল, ৰঙাগড়া আঞ্চলিক ক্রীডা সংস্থা, কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ধিং ক্রীডা সংস্থা, ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়, চাপৰমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়, খালৈগাঁও আঞ্চলিক ক্রীডা সংস্থা, ৰাইদঙীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ধিং কান্ধুলিমাৰী খেলপথাৰ (হিমা দাস) উন্নয়নৰ বাবে প্রত্যেকৰ বিপৰীতে ৮ লাখকৈ টকা আবণ্টন দিয়ে৷ ২০১৭–১৮ আৰু ২০১৮–১৯ বিত্তীয় বর্ষত ক্রীডা আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালকালয়ে প্রত্যক্ষভাৱে সেই ধন মোকলাই দিয়ে সংশ্লিষ্ট শিক্ষানুষ্ঠান আৰু অন্য অনুষ্ঠানক৷ ২০১৮–২০১৯ বর্ষৰ পৰাই সেই ধন সংশ্লিষ্ট শিক্ষানুষ্ঠান আৰু অনুষ্ঠান–প্রতিষ্ঠানৰ্ বেংক একাউণ্টত জমা হৈ আছে৷ একাংশ শিক্ষানুষ্ঠান আৰু সংস্থাই নিজা খেলপথাৰত কিছু মাটি পোলোৱাৰ লগতে নিম্নমানৰ দেৱাল নির্মাণ কৰিছে যদিও আঁচনি অনুসৰি আন কামসমূহ নকৰাৰ অভিযোগ উঠিছে৷ মন কৰিবলগীয়া যে ধন আবণ্টন লাভ কৰা একাধিক বিদ্যালয়ৰ নিজা কোনো খেলপথাৰেই নাই৷ বিদ্যালয় চৌহদকে খেলপথাৰ হিচাপে দেখুওৱা হৈছে৷ জানিব পৰা মতে, একাংশ অনুষ্ঠান–প্রতিষ্ঠানে প্রথম কিস্তিৰ ধনৰ ব্যৱহাৰিক প্রমাণ–পত্র দিয়াৰ পিছত পৰৱর্তী সময়ত দ্বিতীয় কিস্তিৰ ৮ লাখ টকাও মোকলাই দিছে ৰাজ্যিক ক্রীডা আৰু যুৱ কল্যাণ মন্ত্রায়লে৷ অভিযোগ অনুসৰি, ৰমেশ ফুকন মেম’ৰিয়েল হাইস্কুলে প্রথম আৰু দ্বিতীয় কিস্তিৰ ধনৰ মুঠ ১৬ লাখ টকাৰে খেলপথাৰ দেৱাল নির্মাণ কৰাৰ লগতে বিদ্যালয় চৌহদত থকা এটা পুৰণি ক্লাব গৃহৰ লগত এটা সৰু কোঠালি সম্প্রসাৰণ কৰিছে৷ ইপিনে, বঢ়মপুৰ শ্বহীদ স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেৱাল নির্মাণৰ কার্যত খেলিমেলি হোৱাৰ বাবে ৰাইজে নির্মাণকার্য বন্ধ দিয়াৰ দৰেও ঘটনা সংঘটিত হৈছে৷ উল্লেখ্য যে মুঠ ২০ লাখ টকাৰে বিভাগীয় আঁচনি অনুসৰি খেলপথাৰত মাটি পেলোৱাৰ বাবদ ৪ লাখ টকা, দেৱাল নির্মাণৰ বাবদ ৬ লাখ টকা, সেউজ গৃহ নির্মাণৰ বাবদ ৮ লাখ, ফুটবল আৰু বলীবল গল প’ষ্ট নির্মাণৰ বাবদ ৭৫ হাজাৰ টকা, ক্রীডা সামগ্রী ক্রয়ৰ বাবদ ১ লাখ আৰু আচবাব তথা অন্যান্য মিশ্রিত কামৰ বাবদ ২৫ হাজাৰ টকা ব্যয় কৰিব লাগে৷ কিন্তু অকল খেলপথাৰত নামমাত্র মাটি পেলোৱাৰ লগতে দেৱাল নির্মাণ কৰি আন কামসমূহ নকৰি একাংশ নির্মাণ সমিতিয়ে আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুর্নীতি–নিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে৷ আনহাতে, নির্মাণ সমিতিয়ে কাৰ জৰিয়তে কাম কৰিব, তাক লৈ টনা–আঁজোৰাৰ বাবেই আজি পর্যন্ত কামেই আৰম্ভ কৰিব পৰা নাই৷ ক্রীডাপ্রেমী ৰাইজে আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ দাবী উত্থাপন কৰাৰ লগতে একাংশ আঁচনিত সংঘটিত দুর্নীতি–নিয়ম সন্দর্ভত তদন্তক্রমে ব্যৱস্থা গ্রহণৰো দাবী জনাইছে৷

You might also like