নগাবাটৰ ব্যৱসায়ী লাতু শইকীয়াৰ মহানুভৱতাই সকাহ দিছে বহু অভাৱী পৰিয়ালক
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ মাহজোৰা লকডাউনে সৰ্বসাধাৰণ ৰাইজক আৰ্থিকভাবে জুৰুলা কৰি পেলোৱাৰ সমান্তৰালকৈ দিন হাজিৰা কৰি জীৱন নিৰ্বাস কৰা বহুলোকে নূন্যতম খাদ্য সামগ্ৰীখিনি যোগাৰ কৰাৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এনে সময়তে অভাৱী পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ উদ্দেশ্যে নগাবাটৰ বিশিষ্ট ব্যৱসায়ী তথা সচেতন যুৱ কৰ্মী লাতু (দীপজ্যোতি) শইকীয়াই লকডাউনৰ দিন কেইটা ৰাইজক খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে আৰ্থিক ভাবেও সহায় সহযোগ কৰি আহিছে। আজিও ব্যৱসায়ীগৰাকীয়ে নিজা প্ৰচেষ্টাত নগাবাটৰ বিভিন্ন গ্ৰামাঞ্চলৰ কেইবাশতাধিক পৰিয়ালৰ ঘৰে ঘৰে গৈ তেল, দাইল, আলু, চাউল, চাবোন, বিস্কুট, শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় বিভিন্ন খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে। আজিৰ কাৰ্যসূচীত নগাবাট পানীখেতি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিঠাৰাম মিলি, কৃষক মুক্তিৰ কৰ্মী বিকি শইকীয়া, নগাবাটৰ সচেতন যুৱক পাপুল গগৈ আদিয়ে সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে প্ৰচাৰৰ পৰা সততে আঁতৰি থকা ব্যৱসায়ী লাতু শইকীয়াই কিছুদিনৰ পূৰ্বে নগাবাটৰ কাষৰীয়া এলেকা মেৰাপানীৰ প্ৰায় ছয় শতাধিক পৰিয়ালৰ মাজতো অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰিছিল। ব্যৱসায়ীগৰাকীৰ এই মহানুভৱতাই বৰ্তমান বৃহত্তৰ অঞ্চলকেইটাৰ বহু অভাৱী জনতাক যথেষ্ট সকাহ প্ৰদান কৰিছে।