নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজকে লুকুৱাই নাৰাখিব! নিজেও বাচক, আনকো বচাওক…

নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ নিজামুদ্দিনৰ তবলিগী জামাতত অসমৰ বহুকেইজন লোকে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰে বহুকেইজন অসমলৈ উভতি আহি বহু লোকৰ সংস্পৰ্শলৈ আহিছিল। কৰিমগঞ্জত COVID-19ত আক্ৰান্ত প্ৰথমজন ৰোগী ধৰা পৰাৰ পাছতে পোহৰলৈ আহিছিল সমগ্ৰ ঘটনা। অসমৰ বিভিন্ন ঠাইৰ পৰা জামাতত অংশ ল’বলৈ যোৱা বহু লোকে নিজকে লুকুৱাই ৰাখি নিজৰ মূৰ্খামিৰ পৰিচয় দিছিল। এতিয়াও বহুলোকৰ সন্ধান উলিয়াব পৰা নাই প্ৰশাসন তথা স্বাস্থ্য বিভাগে।

     এনে সময়তে ধুবুৰীৰ একাংশ জনতাই গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ। জামাতত অংশ লৈ অহা ১৬জন উত্তৰাখণ্ডৰ লোকক স্থানীয় ৰাইজে চিনাক্ত কৰি গতাই দিয়ে আৰক্ষীক। নলবাৰীতো একাংশ লোকৰ প্ৰশংসনীয় পদক্ষেপ। জামাতত অংশ লোৱা একাংশ লোকক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে স্থানীয় ৰাইজে। সকলোৰে মাথোঁ এটাই আহ্বান নিজেও বাচক আনকো বচাওক।

You might also like