পুনৰ আৰম্ভ ৰে’ল যাত্রা
নিয়মীয়া বার্তা, ২ জুনঃ দীর্ঘদিনীয়া লকডাউনত ব্যাহত হৈ পৰা ৰে’লসেৱা নিয়মীয়াভাৱে পুনৰ সোমবাৰৰ পৰা দেশজুৰি আৰম্ভ হৈছে৷ মুঠ ২০০খন ৰে’লৰ চলাচল সোমবাৰে আৰম্ভ হৈছে৷
যোৱা ২১ মে’ৰ পৰা ৰে’লসমূহৰ টিকট বুকিং প্রক্রিয়া আৰম্ভ হৈছিল৷ অহা ৩০ জুন পর্যন্ত যাত্রাৰ বাবে প্রায় ২৬ লাখ যাত্রীয়ে বুকিং কৰিছে টিকট৷ এক প্রেছ বিজ্ঞপ্তিযোগে এই তথ্য সদৰী কৰিছে উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া শুভানন চন্দই৷
ইপিনে, দেশৰ আন প্রান্তৰ সমান্তৰালকৈ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ অধীনত সোমবাৰৰে পৰা আৰম্ভ হৈছে ছখন ৰে’লৰ চলাচল৷ ইয়াৰে ৩খনে সোমবাৰে যাত্রা আৰম্ভ কৰে৷ গুৱাহাটী–যোৰহাট জনশতাব্দী এক্সপ্রেছ, ডিব্রুগড়–দিল্লী ব্রহ্মপুত্র মেইল আৰু আলিপুৰদুৱাৰ–দিল্লী মহানন্দ এক্সপ্রেছৰ চলাচল আৰম্ভ হৈছে৷
আনহাতে, গুৱাহাটী–লোকমান্য এক্সপ্রেছ ৰে’লখনে অহা ৩ জুনৰ পৰা যাত্রা আৰম্ভ কৰিব৷ প্রায় দুমাহৰ বিৰতিৰ অন্তত গুৱাহাটীৰ পৰা যাত্রীসহ যাত্রা আৰম্ভ কৰে জনশতাব্দী এক্সপ্রেছে৷ ডিব্রুগড়–দিল্লী ব্রহ্মপুত্র মেইলে ডিব্রুগড়ৰ পৰা যাত্রীসহ যাত্রা আৰম্ভ কৰে৷