প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা পেকেজে ৰাজ্যৰ অৰ্থব্যৱস্থালৈ সোণালী দিন আনিবঃ মুখ্যমন্ত্ৰী
নিয়মীয়া বাৰ্তা, ১৫ মেঃ লক ডাউনক সময়ত দেশৰ অৰ্থব্যৱস্থা পুনৰ সুস্থিৰ কৰিবলৈ ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগবোৰক পুনৰ উজ্জ্বীৱিত কৰিবলৈ ঘোষণা কৰা ২০ লাখ টকাৰ পেকেজে সোণালী দিন আনিবলৈ সক্ষম হ’ব ৰাজ্যলৈ।
এই ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে ৰাজ্যৰ GDPলৈ ৩৯ শতাংশ বৰঙণি যোগায়। গতিকে এই উদ্যোগসমূহ লক ডাউনৰ বাবে অসমত দৈনিক ১ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। গতিকে অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত এই আঁচনিয়ে আমাক বিশেষভাৱে উপকৃত কৰিব।
আত্মনিৰ্ভৰশীল ভাৰতৰ যোগেদি আমি নিজৰ উৎপাদিত সামগ্ৰী নিজে ব্যৱহাৰ কৰিব লাগিব। নিজে উৎপাদিত সামগ্ৰী উৎপাদিত ক্ৰয় কৰিলে উক্ত ব্যৱসায়ীজনো উপকৃত হ’ব। গতিকে আমি সমাজৰ দৰিদ্ৰসকলক শক্তিশালী কৰাৰ কথা ভাবিব লাগিব। সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।