পৰিৱেশ ধ্বংসযজ্ঞৰ পুৰোহিতৰ উদ্যোগতে পৰিৱেশ দিৱসৰ আয়োজন
নিয়মীয়া বাৰ্তা, ৫ জুনঃ আজি বিশ্ব পৰিৱেশ দিৱস৷ ৰাজ্যৰ ৰাজধানী গুৱাহাটী আৰু ইয়াৰ পার্শ্বৱর্তী অঞ্চলৰ পৰিৱেশ ধ্বংস যজ্ঞৰ মূল পুৰোহিতসকলৰ উদ্যোগতে ৰাজ্যৰ বন বিভাগে আয়োজন কৰিছে বিশ্ব পৰিৱেশ দিৱসৰ ৰাজ্যিক কার্যসূচী৷ মহানগৰীৰ নিকটৱর্তী ৰাণী বনাঞ্চলত আনুষ্ঠানিকভাৱে বন বিভাগে আয়োজন কৰিছে এই অনুষ্ঠানৰ৷
বনাঞ্চলৰ অবাধ ধ্বংস আৰু বনজ সম্পদৰ চোৰাং বেহাৰ সৈতে জড়িত থকাৰ অভিযোগ উঠা বন বিভাগৰ বিয়াগোম বিষয়াসকলে এই অনুষ্ঠানৰ অন্যতম উদ্যোক্তা৷ এই অনুষ্ঠানত অংশ ল’ব মুখ্যমন্ত্রী–বনমন্ত্৷ মন্ত্রীৰ শাৰী পূৰাই বহিব বন ধ্বংস যজ্ঞত আহুতি দিয়া বিষয়াবর্গ৷
উল্লেখ্য যে গুৱাহাটী মহানগৰীক সামৰি লোৱা পূব কামৰূপ বন সংমণ্ডলত অবাধে বনজ সম্পদৰ চোৰাং বেহা চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ বনজ সম্পদৰ এই চোৰাং বেহাত পূব কামৰূপ সংমণ্ডলৰ ডিএফঅ’ ৰাজীৱ বৰুৱাই মুকলি পৃষ্ঠপোষকতা আগবঢ়োৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ পূর্বতে দীর্ঘদিন ধৰি ডিমা হাছাও জিলাত কর্মৰত এই বিষয়াগৰাকীৰ বিৰুদ্ধে আছে পাহাৰীয়া জিলাখনৰ বাঁহৰ চোৰাং ব্যৱসায়ীক ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ৷ এনে একাংশ বন বিষয়াৰ সহযোগিতাৰ বাবেই ডিমা হাছাও জিলাৰ অন্যতম বনজ সম্পদ বাঁহ জিলাখনৰ পৰা নোহোৱা হোৱা বুলি পৰিৱেশপ্রেমীসকলে মুকলিভাৱে প্রকাশ কৰি আহিছে৷
ৰাজীৱ বৰুৱা ডিমা হাছাও জিলাত কর্মৰত হৈ থকা সময়ৰ কীর্তিকলাপ উন্মোচিত হ’লেই প্রকাশ পাব বনজ সম্পদ ধ্বংসৰ আন এক অধ্যায়৷ সেই বিষয়াগৰাকীয়ে এতিয়া ৰাজধানী চহৰখনত মুকলি পৃষ্ঠপোষকতা আগবঢ়াইছে বনজ সম্পদৰ চোৰাং বেহাত৷ ডিএফ’জনৰ মুকলি পৃষ্ঠপোষকতাত একাংশ বন মাফিয়াই চলাইছে বনজ সম্পদৰ অবাধ ছিণ্ডিকেট৷ প্রধানতঃ গুৱাহাটী সদৰ ৰেঞ্জৰ ৰেঞ্জাৰ পংকজ কলিতাৰ ছত্রছায়াতে গুৱাহাটীত চলি আছে বনজ সম্পদৰ চোৰাং ছিণ্ডিকেট৷ অসমৰ বন বিভাগৰ অন্যতম সন্মানীয় ৰেঞ্জ হিচাপে পৰিগণিত এই ৰেঞ্জটোৰ শীর্ষ পদবীত কর্মৰত পংকজ কলিতাৰ বিৰুদ্ধে চলি আছে আকৌ বিভাগীয় তদন্ত৷ নগাঁও জিলাত কর্মৰত অৱস্থাত তিনিশ জোপা শালগছ কাটি চোৰাং ব্যৱসায়ীক বিক্রী কৰা বিষয়াগৰাকীৰ বিৰুদ্ধে সেই সময়ৰ বন সংৰক্ষক ৱাই সূর্যনাৰায়ণে তদন্ত কৰি প্রতিবেদন দাখিল কৰিছিল৷ আনকি পংকজ কলিতাৰ বিৰুদ্ধে আদালতত শপতনামা দাখিল কৰি ৰাজ্য চৰকাৰে বন্ধ ৰাখিছে পদোন্নতি পর্যন্ত৷ তেনে এজন বিষয়াকে বিভাগে এতিয়া গুৱাহাটী সদৰ ৰেঞ্জৰ দৰে সন্মানীয় ৰেঞ্জৰ ৰেঞ্জাৰ পদত বহাই বনজ সম্পদৰ অবাধ লুণ্ঠনৰ ক্ষেত্রত হাতউজান দিয়া বিষয়টো বন বিভাগৰ ভিতৰতে চর্চিত বিষয়ৰূপে বিবেচিত হৈ আহিছে৷
উল্লেখ্য যে গুৱাহাটী সদৰ ৰেঞ্জৰ অধীনত খানামুখ, জালুকবাৰী, ফটাশিল আমবাৰী, নাৰেংগী, খানাপাৰা আৰু যোৰবাটত ছটাকৈ বীট অফিচ আছে৷ এই ৬টা বীট অফিচৰ বীট অফিচাৰ, বিশেষকৈ জনৈক শর্মা আৰু দলে উপাধিৰ দুজন বিষয়াক লৈ বিতর্কিত ৰেঞ্জাৰজনে চলাই আছে বনজ সম্পদৰ অবাধ ছিণ্ডিকেট৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীলৈ প্রতিদিনে ২৫–৩০ ট্রাককৈ চোৰাং কাঠৰ সৰবৰাহ হয়৷ বহিঃৰাজ্যৰ পৰা অহা এই কাঠৰ ট্রাকসমূহৰ পৰা ছিণ্ডিকেট চক্রটোৱে ৫০–৬০ হাজাৰ টকাকৈ সংগ্রহ কৰে৷
আনহাতে ডি আই বা পিক আপ ভেনত অনা কাঠৰ বাবদ প্রতিখনৰ পৰা সংগ্রহ হয় ২০ৰ পৰা ৩০ হাজাৰ টকা৷ এনেদৰে প্রায় প্রতিনিশাই ১০০ৰ পৰা ১৫০ সৰু গাড়ীৰে মহানগৰীলৈ সৰবৰাহ হয় চোৰাং কাঠৰ৷ আনহাতে প্রতিখন বালিৰ ট্রাকৰ পৰা ২০ হাজাৰ টকাকৈ আৰু প্রতিখন শিলৰ ট্রাকৰ পৰা ২৫ হাজাৰ টকাকৈ সংগ্রহ কৰে ছিণ্ডিকেট চক্রটোৱে৷ প্রতিনিশা প্রায় ১০০খনকৈ বালি–শিলৰ ট্রাক মহানগৰীত প্রৱেশ কৰে বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীত সদৰ ৰেঞ্জৰ অধীনত আছে প্রায় ৩৫০খন কাঠৰ দোকান৷ এই কাঠৰ দোকানসমূহৰ পৰাও ৰেঞ্জাৰ কলিতা নেতৃত্বাধীন বিভাগীয় ছিণ্ডিকেট চক্রটোৱে মাহেকীয়া হিচাপত সংগ্রহ কৰে নিয়মীয়া ধন৷ এই ধনৰ ভাগ ডিএফঅ’ ৰাজীৱ বৰুৱাৰ উপৰি কোন শীর্ষ বিষয়াৰ পকেটলৈ যায়, সেয়া প্রকাশ পালে বন বিভাগত জোকাৰণিৰ সৃষ্টি হোৱাটো নিশ্চিত৷ উল্লেখ্য যে পূব কামৰূপ বন সংমণ্ডলৰ ডিএফ’জনৰ মুকলি পৃষ্ঠপোষকতাত তেওঁৰ ছিণ্ডিকেট কাণ্ডাৰী সদৰ ৰেঞ্জৰ ৰেঞ্জাৰ পংকজ কলিতাই গঢ়ি তুলিছে সম্পত্তিৰ পাহাৰ৷ মালিগাঁও, ভেটাপাৰাৰ লগতে হাজোত থকা এই সম্পত্তিৰ হিচাপ পোহৰলৈ আহিলেই উন্মোচিত হ’ব মহানগৰীত নিশাৰ আন্ধাৰত চলা বনজ সম্পদৰ চোৰাং বেহাৰ পৰা অহা ধনৰ বলেৰে কিদৰে বলীয়ান হৈছে একাংশ কুখ্যাত বিষয়া৷ এনে বন বিষয়াৰ বাবেই বাৰে বাৰে চোৰাং কাঠ অথবা বালি–শিলভর্তি ট্রাক জব্দ কৰিও থমকি ৰ’ব লগা হয় মহানগৰ আৰক্ষী৷
মহানগৰীত বিভিন্ন সময়ত আৰক্ষীয়ে জব্দ কৰা এনে চোৰাং বনজ সম্পদৰ ট্রাক বিষয়াজনৰ কাৰচাজিৰ বাবে কেনেদৰে আৰক্ষীয়ে মুকলি কৰি দিব লগা হৈছে, সেয়া প্রকাশ পালে উন্মোচিত হ’ব বিভাগীয় নীতি–নিময় উলংঘাৰ আন এক অধ্যায়৷ তেনে বিষয়া একাংশই এতিয়া মহানগৰীৰ সন্মানীয় পদত অধিষ্ঠিত হৈ চোৰাং ছিণ্ডিকেটৰ পৃষ্ঠপোষকতা আগবঢ়াই থকা বিষয়টোৱে বনমন্ত্রীগৰাকীৰ নিকা ভাবমূর্তিৰ ওপৰতো প্রশ্ণৰ অৱতাৰণা কৰিছে৷