নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যত আবদ্ধক ঘূৰাই অনাৰ পদক্ষেপ লৈছে চৰকাৰে

নিয়মীয়া বাৰ্তা, ২৯ মেঃ সোণোৱালে কয় যে চতুর্থ পর্যায়ৰ লকডাউনৰ সময়ছোৱাত দেশৰ বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকসকলক ৰাজ্যখনলৈ ঘূৰাই অনাৰ বাবে চৰকাৰে পদক্ষেপ লৈছে৷ ৰে’ল আৰু বিমানেৰে ইতিমধ্যে অসমৰ বহুসংখ্যক লোক উপস্থিত হৈছে অসমত৷ বৰঝাৰ বিমানবন্দৰত এতিয়ালৈকে ৩৮খন বিমান অৱতৰণ কৰিছে৷ বিামনেৰে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ৩,৪২১গৰাকী যাত্রী অসম আহি পাইছে৷ তদুপৰি অসমৰ পৰাও এতিয়ালৈকে মুঠ ১,১৯০গৰাকী যাত্রী বিমানেৰে ভাৰতৰ বিভিন্ন ৰাজ্যলৈ গৈছে৷

চৰকাৰে অত্যন্ত নিষ্ঠাৰে এই ব্যৱস্থাৱলী লৈছে, যাতে যাত্রীসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়৷ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত উপলব্ধ কৰোৱা এই ব্যৱস্থাৱলীত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ, পৰিবহণ বিভাগ, আৰক্ষী বাহিনী, কৰ বিভাগ, আবকাৰী বিভাগ আদি বিভাগে যৌথভাৱে ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণ তথা চি আই এছ এফৰ লগত কর্তব্যত আত্মনিয়োগ কৰিছে বুলি তেওঁ উল্লেখ কৰে৷ অহা সময়ছোৱাতো যাত্রীসকলৰ বাবে এনে ধৰণৰ সা–সুবিধা প্রদানৰ বাবে চৰকাৰে নিষ্ঠাৰে কাম কৰি যাব বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে ক’ভিড–১৯ৰ বিৰুদ্ধে চলোৱা এই যুঁজখনত সকলোৱে দৃঢ়তাৰে আৰু ঐক্যবদ্ধতাৰে যুঁজ দিছে৷ অসমৰ ৩৩খন জিলাৰ ৩ কোটি ৩০ লাখ জনসাধাৰণে ক’ভিড–১৯ৰ বিৰুদ্ধে ঐক্যবদ্ধ তথা শৃংখলাবদ্ধভাৱে যুঁজ দি আছে৷ জনসাধাৰণৰ সহযোগিতাৰ ফলতে চৰকাৰে লোৱা ব্যৱস্থাৱলী ফলপ্রসূভাৱে ৰূপায়ণ কৰাটো সম্ভৱ হৈছে৷ ইফালে অসমৰ কৃষকৰ উৎপাদিত সামগ্রী বৰঝাৰ বিমানবন্দৰস্থিত কার্গো টার্মিনেল চেণ্টাৰৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন ঠাইলৈ ৰপ্তানি কৰাৰ ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে ইতিমধ্যে ডুবাই, আবুঢ়াবি, লণ্ডন, হংকং, ছিংগাপুৰ ইত্যাদি ঠাইৰ বজাৰসমূহত অসমৰ কৃষকৰ উৎপাদিত সামগ্রী বিক্রী হৈছে৷ আজিও অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত ৰঙালাউ ডুবাইলৈ ৰপ্তানি কৰাৰ প্রক্রিয়াৰ শুভাৰম্ভ কৰা হৈছে৷ বর্তমান চৰকাৰৰ কার্যকালতে বৰঝাৰ বিমানবন্দৰত কেন্দ্রীয় চৰকাৰৰ সহযোগত তথা ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগৰ তৎপৰতাত কার্গো টার্মিনেল বিল্ডিং নির্মাণ ইতিমধ্যে সম্পূর্ণ হৈছে৷ এই কার্গো ৱেৰ হাউছত ৫০ মেট্রিকটন কৃষিজাত সামগ্রী মজুত কৰাৰ ব্যৱস্থা থাকিব৷ ইয়াৰ পৰাই পৃথিৱীৰ ভিন্ন প্রান্তলৈ অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত কৃষিজাত সামগ্রী ৰপ্তানি কৰিবলৈ ৰাজ্যখনে সক্ষম হ’ব৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উদ্যোগত পাণ্ডুৰ পৰা ষ্টীমাৰেৰে অসমৰ কৃষিজাত সামগ্রী ব্রহ্মপুত্রৰে বংগোপসাগৰ হৈ ভিন্ন প্রান্তলৈ ৰপ্তানিৰ পদক্ষেপ লৈ থকা হৈছে বুলিও তেওঁ সদৰী কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০২২ চনৰ ভিতৰত দেশৰ কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ যি লক্ষ্য স্থিৰ কৰিছে, সেই লক্ষ্য পূৰণৰ দিশত এইসমূহ পদক্ষেপ লৈ থকা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্রী সোণোৱালে৷ অসমৰ কৃষকে যাতে কৃষিজাত সামগ্রীৰ এখন বহল বজাৰ লাভ কৰিব পাৰে, তাৰ বাবেই ৰপ্তানিৰ পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে এই বিমানবন্দৰৰ পৰাই অসমৰ কৃষকৰ দ্বাৰা উৎপাদিত প্রায় ১৮২ মেট্রিকটন শাক–পাচলি তথা ফলমূল পৃথিৱীৰ বিভিন্ন স্থানলৈ ৰপ্তানি কৰা হৈছে৷ আগন্তুক দিনতো ৰাজ্যখনৰ কৃষকে ৰাজ্যৰ কৃষি অর্থনীতি শক্তিশালী কৰাৰ দিশত নিষ্ঠা সহকাৰে আত্মনিয়োগ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে৷ উল্লেখ্য যে বিদেশলৈ পাচলি ৰপ্তানিৰ এই কামটো গুৱাহাটীৰ সমৰ শর্মা নামৰ এজন উদ্যোগীয়ে হাৰিয়ানাৰ মেছার্ছ ফ’ৰকুইটী এগ্রো প্রাইভেট লিমিটেড নামৰ এটা সংস্থা আৰু ডুবাইস্থিত স্পন্দন ফুকন নামৰ এজন অসমীয়া উদ্যোগীৰ সহযোগত আৰম্ভ কৰিছে৷ অসম চৰকাৰৰ কৃষি বিভাগ, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগ, পৰিবহণ বিভাগ, অসম ৰাজ্যিক কৃষি সামগ্রী বিপণন পৰিষদ, এপেডা আদিয়ে এই ব্যৱস্থাটোত বিভিন্ন দিশেৰে সহযোগিতা আগবঢ়ায়৷ আজিৰ এই পৰিদর্শনৰ সময়ত উদ্যোগ আৰু বাণিজ্যমন্ত্রী চন্দ্রমোহন পাটোৱাৰী, কৃষিমন্ত্রী অতুল বৰাৰ লগতে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল তথা চি আই এছ এফ আৰু ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ বিষয়াসকল উপস্থিত থাকে৷

You might also like