নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজানত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সোণোৱাল

নিয়মীয়া বাৰ্তা, ১৪জুনঃ বাঘজানৰ তৈলখাদৰ পৰা নিৰ্গমণ হোৱা তেলে বিপদ কঢ়িয়াই আনিছে বাঘজানবাসীলৈ। এই পৰিস্থিতিয়ে ভাবুকি কঢ়িয়াইছে জৈৱ-বৈচিত্ৰলৈ। অবিৰতভাৱে নিৰ্গমন হোৱা তেল আৰু তেলখাদৰ বিস্ফোৰণত দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। এই পৰিস্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে বহুবাৰ প্ৰধানমন্ত্ৰী মোদী আৰু পেট্ৰলিয়াম মন্ত্ৰীক অৱগত কৰিছিল।

আজি বাঘজানত উপস্থিত হয় কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বাঘজান পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। বাঘজানৰ ৫নম্বৰ তৈলখাদো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। তাৰপাছতে আশ্ৰয় শিবিৰত থকা লোকসকলৰো বুজ লয়। আনহাতে বিয়লি আৱৰ্ত ভৱনত বাঘজানৰ স্থানীয় দল-সংগঠনৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী সোণোৱাল মিলিত হ’ব বৈঠকত।

You might also like