নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ উন্নয়নৰ আঁচনিয়ে চুইছে ৰাইজৰ অন্তৰ

নিয়মীয়া বাৰ্তা, ২৭ জুনঃ বিপিএফৰ সৈতে সৌহার্দ্যপূর্ণ সম্পর্ক ৰাখি আগন্তুক বিটিচি নির্বাচন অনুষ্ঠিত হ’ব৷ এই নির্বাচনৰ জৰিয়তে আমি বিজেপি দলৰ সাংগঠনিক ভেটি মজবুত কৰি তুলিব বিচাৰিছেছা৷ সকলো জনগোষ্ঠীৰ স্বার্থ সুৰক্ষিত কৰাৰ স্বার্থত আমি এইবাৰ অকলে বিটিচি নির্বাচনত অৱতীর্ণ হৈছেছা৷ ২৬খন আসনত প্রতিদ্বন্দ্বিতা আগবঢ়াইছেছা৷ কিন্তু মেজিক নম্বৰ আসন আমিয়ে লাভ কৰিম৷ কাৰণ বিটিচিৰ পৰিৱেশ আৰু ৰাইজৰ মন এইবাৰ বিজেপিৰ পক্ষত৷ বাগ্সা জিলাৰ মুছলপুৰত থকা বিজেপিৰ কার্যালয়ত অনুষ্ঠিত এখন কর্মীসভা আৰু যোগদান সভাত অংশ লৈ সাংবাদিকৰ আগত এনেদৰে কয় জলসিঞ্চন মন্ত্রী ভৱেশ কলিতাই৷

তেওঁ কয় যে বিটিচিত বিজেপিৰ প্রতি আস্থা ক্রমান্বয়ে বাঢ়িছে আৰু আশা কৰা ধৰণে আমি ফল পাম৷ বিটিচিৰ ৰাইজে আমাৰ পিনে আৰু দলৰ প্রতীক পদুম ফুলৰ পিনে চাই আছে৷ বিজেপিৰ বহু উন্নয়নমূলক আঁচনিয়ে ইয়াৰ ৰাইজৰ অন্তৰ চুই গৈছে৷ কেৱল নির্বাচনৰ দিন ঘোষণা হ’বলৈ বাট চাই আছে ৰাইজে৷ সম্প্রতি ক’ভিড–১৯ৰ বাবে নির্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নহয়৷ পৰিৱেশ শান্ত হ’লেই নির্বাচন অনুষ্ঠিত হ’ব৷ ইফালে কংগ্রেছৰ মুখপাত্র দুর্গাদাস বডোৱে আগন্তুক বিটিচি নির্বাচন কংগ্রেছৰ বাবে ছেমিফাইনেল আৰু কংগ্রেছক বাদ দি কোনেও বিটিচিৰ শাসন চলাব নোৱাৰে বুলি কোৱা মন্তব্য সন্দর্ভত মন্ত্রী ভবেশ কলিতাই কয় যে কংগ্রেছ লীগ পর্যায়ত খেলিব পৰা অৱস্থাতে নাই৷ ছেমিফাইনেলতো দূৰৰে কথা, বিটিচিত কংগ্রেছ দলৰ নাম নিছান নাই৷ মন্ত্রীগৰাকীৰ উপস্থিতিত অনুষ্ঠিত সভাতে বিপিএফ, গণ সুৰক্ষা পার্টী, আছা আদিদল–সংগঠনৰ পৰা ত্রিশজনতকৈও অধিক লোকে বিজেপি দলত যোগদান কৰে৷

You might also like