নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দিগন্ত কলিতাৰ সাহায্য বিতৰণ

নিয়মীয়া বাৰ্তা, ৫ মে’ : লকডাউনৰ বাবে কমলপুৰ সমষ্টিৰ ক্ষতিগ্ৰস্ত লোক সকলৰ মাজত সোমবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দিগন্ত কলিতাই খাদ্য সামগ্ৰী বিতৰণ কৰে । ৰাজ্যিক কাৰ্যনিৰ্বাহক গৰাকীয়ে কমলপুৰ সমষ্টিৰ  কমলপুৰ মণ্ডল বিজেপি আৰু বিহদিয়া মণ্ডল বিজেপিৰ জৰিয়তে সমষ্টিটোৰ আৰ্তজনলৈ  সহায় সাহায্য আগবঢ়ায় । মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ আহ্বান মৰ্মে ৰাজ্যিক কাৰ্যনিৰ্বাহক গৰাকীয়ে সমষ্টিটোৰ প্ৰতিটো বুথত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । কলিতাই কৰৰা, কমলপুৰ সমষ্টিৰ  বিভিন্ন অঞ্চলত আৰ্তজনক চাউল, দাইল,  মিঠাতেল, আলু, পিয়াঁজ, নিমখ আদি খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে মাস্ক আৰু ছেনিটাইজাৰো বিতৰণ কৰে। লগতে বিজেপি কৰ্মী গৰাকীয়ে তেল ডিপো ,জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোক সকলকো মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে । বিতৰণ কাৰ্যসূচীটোত বিহদিয়া মণ্ডল বিজেপি সভাপতি ৰজনী ডেকা, পূৱ কছাৰী মহল জিলা পৰিষদৰ সদস্য ৰীণা পাটোৱাৰী, বিজেপি নেতা লক্ষী গোস্বামীও উপস্থিত থাকে ।

You might also like