বিত্ত বিভাগৰ নির্দেশনাঃ কর্মচাৰী সংগঠনৰ আহ্বান মর্মে কর্তন হ’ব এদিনৰ দৰমহা
নিয়মীয়া বাৰ্তা, ২৯ মেঃ ক’ভিডৰ বিৰুদ্ধে অৱতীর্ণ হোৱা যুঁজখনত ৰাজ্য চৰকাৰক সহায় কৰিবলৈ মুকলি মনেৰে আগবাঢ়ি আহিছে কর্মচাৰী সংগঠনসমূহ৷ সদৌ অসম কর্মচাৰী পৰিষদকে ধৰি কেইবাটাও সংগঠনে মুখ্যমন্ত্রীৰ দুর্যোগ সাহায্য পুঁজিলৈ এদিনৰ দৰমহা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল৷ সেইমর্মে প্রতিগৰাকী কর্মচাৰীৰ এদিনৰ দৰমহা কর্তন কৰি মুখ্যমন্ত্রীৰ সাহায্য পুঁজিত জমা দিবলৈ বিত্ত বিভাগে ৰাজ্যৰ কোষাগাৰসমূহক নির্দেশ দিছে৷
ইফালে, আই এ এছ আৰু এ চি এছ সংগঠনসমূহে তেওঁলোকৰ দুদিনৰ দৰমহা মুখ্যমন্ত্রীৰ দুর্যোগ সাহায্য পুঁজিলৈ প্রদানৰ সিদ্ধান্ত লৈছে৷ আই এ এছ আৰু এ চি এছ সংগঠনৰ অনুৰোধমর্মে এই বিষয়াসকলৰ দুদিনৰ দৰমহা কর্তন কৰা হ’ব৷ অৱশ্যে ৰাজ্যপালৰ সচিবালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ লগতে ন্যায়ালয়ৰ কর্মচাৰীসকলৰ কোনো দৰমহা কর্তন কৰা নহয়৷