নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বুধবাৰে টেলিফোনযোগে ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ সৈতে মত বিনিময় কৰে ৷ মুখ্যমন্ত্রীয়ে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি কুশল–মংগল কামনা কৰে৷ বার্তালাপৰ সময়ত মুখ্যমন্ত্রীয়ে কয় যে বিশিষ্ট ব্যক্তিসকলক সমাজে সদায় শ্রদ্ধাৰ দৃষ্টি চায় ৷ সেয়েহে এই জটিল পৰিস্থিতিৰ সময়ত বিশিষ্ট ব্যক্তিসকলে জনসচেতনতা সৃষ্টিৰ ক্ষেত্রত গুৰুত্বপূর্ণ অৰিহণা যোগাব পাৰে ৷ ক’ভিড–১৯ প্রতিহত কৰাৰ বাবে সমাজৰ এই বিশিষ্ট ব্যক্তিসকলে সামাজিক দূৰত্ব বজাই ৰাখি নিজৰ গৃহতে আবদ্ধ হৈ থাকি যি জন সচেতনতাৰ সৃষ্টি কৰিলে তাৰ বাবে মুখ্যমন্ত্রীয়ে বিশিষ্ট ব্যক্তিসকলক কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰে ৷ মুখ্যমন্ত্রীয়ে ক’ভিড–১৯ৰ সংক্রমণ প্রতিহত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ সম্পর্কতো বিশিষ্ট ব্যক্তিসকলক অৱগত কৰায় ৷ মুখ্যমন্ত্রীয়ে অসীম কুমাৰ দত্ত, ডাঃ উমেশ চক্রৱর্তী, উলহাস কুলকার্ণি, বশিষ্ঠ বুজৰবৰুৱা, গৌৰীশংকৰ চক্রৱর্তী, মাণিক চন্দ্র দাস, নন্দলাল নাথ, ৰাজু মল্লিক, হৰি মুন্ধা, সঞ্জয় কুমাৰ দেৱ, মনোৰঞ্জন প্রধান, হেমন্ত ধিং মজুমদাৰ, ভবেন শইকীয়া, সুনীতা হালদেকৰ, সুৰেন্দ্র তালখেদকৰ আৰু ভৰত কুমাৰৰ সৈতে মত বিনিময় কৰে ৷