নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্র উপত্যকাত বাংলাক সহযোগী ভাষাৰ মর্যাদা দিয়াৰ পৰিকল্পিত উচটনি

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ অসমীয়া ভাষাবিদ্বেষী উগ্র বাঙালী সাম্প্রদায়িক নেতা প্রদীপ দত্ত ৰয়ে ভাষাক লৈ ৰাজ্যখনত অসমীয়া আৰু বাঙালীৰ মাজত সংঘাত সৃষ্টিৰ অপচেষ্টা চলাই অহাৰ সময়তে এইবাৰ সমগ্র অসমতে বাংলা ভাষাক সহযোগী ভাষাৰ মর্যাদা দিয়াৰ দাবী উত্থাপন কৰিছে প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু তৃণমূল কংগ্রেছৰ পশ্চিমবংগৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে৷ কার্যতঃ এইবাৰ বৰাক উপত্যকাৰ পৰাই আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে অসমীয়া ভাষাৰ প্রতি প্রত্যাহ্বান৷ সোমবাৰে শিলচৰৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এখন নাগৰিক সভাই বৰাক উপত্যকাত ১৯৬১ চনৰ সংশোধিত ভাষা আইনৰ ৫নং ধাৰা উলংঘনৰ গুৰুতৰ অভিযোগ কৰে৷ বাংলা ভাষাৰ ক্ষেত্রত অসম চৰকাৰৰ ভূমিকাক লৈ নাগৰিক সভাই তীব্র অসন্তুষ্টি ব্যক্ত কৰে৷ বৰাকত ভাষা আইন উলংঘনৰ প্রতিবাদত ভাষা আইন সুৰক্ষা সমিতি নামেৰে এখন কমিটীও গঠন কৰে৷ অসম বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য তপোধীৰ ভট্টাচার্যক সভাপতি আৰু হিল্লোল ভট্টাচার্যক সাধাৰণ সম্পাদক হিচাপে লৈ কমিটীখন গঠন কৰে৷ কমিটীখনৰ উপদেষ্টা মণ্ডলীত সাংসদ সুস্মিতা দেৱ, বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, মৌলানা ছাৰিমুল হক, মৌলানা ফৰিদউদ্দিনক ৰখা হৈছে৷

প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই নাগৰিক সভাখনত ভাষণত ব্রহ্মপুত্র উপত্যকাতো বাংলা ভাষাক সহযোগী ভাষাৰ মর্যাদা দিয়াৰ দাবী জনাই কয় যে অসমৰ প্রত্যেক ঠাইতে অসমীয়া ভাষাৰ লগতে বাংলা ভাষাও প্রচলন হ’ব লাগে৷ মাতৃভাষা সুৰক্ষিত নাথাকিলে দল কৰি কি লাভ বুলিও প্রশ্ন কৰি তেওঁ কয় যে মাক অপমান কৰাটো কেতিয়াও সহ্য কৰা নহ’ব৷ সেইদৰে তৃণমূল কংগ্রেছৰ সাংসদ সুস্মিতা দেৱে ভাষণত কয় যে বৰাক উপত্যকাত বিভিন্ন ক্ষেত্রত বৈষম্য কৰা হৈছে৷ নিজৰ মাতৃভাষা ৰক্ষাৰ কাৰণে কথা ক’লে যদি প্রদীপ দত্ত ৰয়ৰ বিৰুদ্ধে দেশদ্রোহিতাৰ গোচৰ ৰুজু কৰি কাৰাগাৰলৈ প্রেৰণ কৰা হয়, তেতিয়াহ’লে সংবিধানত বাক স্বাধীনতাৰ প্রতি যিসকলে বিশ্বাস কৰি আহিছে, তেওঁলোক সকলোৱে জে’লত যাব লাগিব৷ ভাল নেতা আৰু ভাল নেতৃত্ব পালে বৰাকৰ মানুহ একত্রিত হ’ব৷ বৰাক একত্রিত হ’লে বিভাজনৰ ৰাজনীতিত প্রত্যুত্তৰ দিয়া সম্ভৱ হ’ব আৰু বৰাকত ভাষা আইন ৰক্ষা হ’ব৷ বৰাকৰ বাঙালীসহ বাংলা ভাষাপ্রেমী অন্যান্য ভাষা–গোষ্ঠীৰ লোকসকলকো একত্রিত হোৱাৰ আহ্বান জনাই তেওঁ আৰু কয় যে ভাষা ৰক্ষাৰ কাৰণে যি আন্দোলন হ’ব, তাত তেওঁ থাকিব৷ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ জৰিয়তে উজনি অসমত বাঙালীসকলক দ্বিতীয় শ্রেণীৰ নাগৰিকত পৰিণত কৰিব বিচাৰিছে বুলিও তেওঁ গুৰুতৰ অভিযোগ কৰি কয় যে বিজেপিয়ে বৰাক উপত্যকাত ‘কা’ৰ কথা কৈ আৰু উজনি অসমত অসম চুক্তিৰ ৬নং দফাৰ কথা কৈ বাঙালীসকলক বিভাজন কৰিব বিচাৰিছে৷ নাগৰিক সভাখনত অসম বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য তপোধীৰ ভট্টাচার্যসহ বৰাকৰ বিভিন্ন বাঙালী সংগঠনৰ প্রতিনিধি উপস্থিত থাকে৷ নাগৰিক সভাখনত প্রদীপ দত্ত ৰয়ৰ গ্রেপ্তাৰকো তীব্র গৰিহণা দিয়ে৷

You might also like