নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ঘোষণা কৰা লকডাউনত নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ইতিমধ্যে একাংশ লোকৰ বাহিৰে সৰহসংখ্যক লোকে ঘৰতে সোমাই থাকি ক’ৰোনা ভাইৰাছ সংক্ৰংমণৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে। বৰক্ষেত্ৰী ৰাজহ
চক্ৰৰ অন্তৰ্গত বিভিন্ন সচেতন লোকসকলে ইতিমধ্যে গাঁৱৰ প্ৰৱেশ পথত বাঁহ বান্ধি বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি ক’ৰোনা ভাইৰাছ সংক্ৰংমণৰ বিৰুদ্ধে সজাগ আৰু সতৰ্কতা অৱলম্বন কৰিছে। মন কৰিবলগীয়া কথাটো হল যে একাংশ কাণ্ডজ্ঞানহীন লোকে গড়কাপ্টানী বিভাগৰ অধীনস্থ পথটো বাঁহ বান্ধি পথ বন্ধ কৰা পৰিলক্ষিত হৈছে। গড়কাপ্টানী বিভাগৰ পথত জৰুৰী সেৱাৰ লগতে চিকিৎসা সেৱাত জড়িত লোকসকল আলৈ-আথানিৰ সন্মুখীন হোৱাও দেখা গৈছে। বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত কালাদি চাৰিআলিকে ধৰি গড়কাপ্টানী বিভাগৰ কেইবাটাও পথত বাঁহ বান্ধি পথ বন্ধ কৰাৰ ছবি সুলভ হৈ পৰিছে। গড়কাপ্টানী বিভাগৰ অধীনস্থ পথ অথবা গাঁৱৰ মূল পথত বাঁহ বান্ধি দুয়াৰ লগত জৰুৰী সেৱাৰ লগত জড়িত অথবা চিকিৎসা সেৱা, সংবাদ সেৱাৰ লগত জড়িত কৰ্মী সকলে সময়ে সময়ে অসুবিধাৰ সন্মুখীন হৈ আহিছে। আনহাতে গাঁৱৰ প্ৰৱেশ পথ বন্ধ কৰি ভিতৰ চোৱালৈ আৰক্ষী যাব নোৱাৰাৰ সুযোগ গ্ৰহণ কৰিছে একাংশই। একাংশই সামাজিক দূৰত্বৰ নীতিক মানি চলাৰ বিপৰীতে অবাধে মুকলি পথাৰত ক্ৰিকেটকে আদি কৰি বিভিন্ন খেল খেলি থকা দেখা গৈছে। একাংশই আকৌ জুৱা আৰু আড্ডাত মচগুল হোৱাও দেখা গৈছে। সামাজিক দূৰত্ব বজাই ৰাখি সকলোকে নিজৰ নিজৰ ঘৰতে আবদ্ধ হৈ থাকিবলৈ বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো একাংশ দায়িত্বজ্ঞানহীন লোকৰ লকডাউন উলংঘা কৰা কাৰ্যই চিন্তিত কৰি তুলিছে। এই ক্ষেত্ৰত প্ৰশাসনক বিহিত ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে সচেতন মহলে।