নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত ধুমুহা-শিলাবৃষ্টিত ক্ষতিগ্ৰস্তৰ বুজ ল’লে মন্ত্ৰী যোগেন মহন-কামাখ্যা প্ৰসাদ তাচাই

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ দেওবাৰে সন্ধিয়া প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত অতি দুখজনকভাবে ক্ষতিগ্ৰস্ত হোৱা বৰহোলাৰ ইকৰাণিবাসী ৰাইজৰ কাষত আজি মঙলবাৰে দুপৰীয়া উপস্থিত হয় দুৰ্যোগ প্ৰশমন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহন আৰু সাংসদ কামাখ্যা প্ৰসাদ তাচা । তেওঁলোকে ৰাইজৰ সৈতে প্ৰত্যক্ষভাবে বাৰ্তালাপ কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলক শীঘ্ৰে ক্ষতিপূৰণৰ দিয়াৰ আশ্বাস দিয়ে। দলটোত প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, বিজেপিৰ যোৰহাট জিলা সভাপতি কামাখ্যা মোহন দাস, ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ উপমুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী, বৰহোলা মণ্ডলৰ প্ৰমিলা সোণোৱালৰ সমন্বিতে মণ্ডল, জিলাৰ ভালেকেইজন বিষয়ববীয়া, তিতাবৰ মহকুমাধিপতি আৰু প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিতি থাকে। ইকৰাণিৰ পিছতে দলটো শিলডুবি অঞ্চলত উপস্থিত হয় ।

You might also like