নিয়মীয়া বাৰ্তা , ৮ মে’ : মাৰাত্মক ক’ৰোনা ভাইৰাছৰ ত্ৰাসৰ বাবে দেশত সম্প্ৰতি চলি আছে তৃতীয় পৰ্যায়ৰ লকডাউন ৷ প্ৰথম পৰ্যায়ৰ লকডাউনৰ পৰা বৰ্তমানলৈ দুৰ্গত লোকসকলক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে সাহায্য আহবঢ়াই আহিছে । দক্ষিণ কামৰূপৰ ছয়গাঁৱতো ইয়াৰ ব্যতিক্ৰম নহয় । ইয়াৰ মাজতেই আজি ছয়গাঁৱত ভিলেজ ৰকষ্টাৰ্ছ টীমৰ পৰা ছয়গাঁও অঞ্চলৰ ৫০ গৰাকী শিল্পীক এহেজাৰ টকাকৈ আৰ্থিক সাহায্য আগবঢ়ায় ৷ আনহাতে উক্ত অনুষ্ঠানতেই ছয়গাঁও অঞ্চলৰ ১৪ গৰাকী সাংবাদিককো দুহেজাৰ টকাকৈ আৰ্থিক সাহায্য আগবঢ়ায় ৷
উল্লেখযোগ্য যে বৰ্তমান ভিলেজ ৰকষ্টাৰ্ছৰ নিৰ্মাতা ৰীমা দাস ছয়গাঁৱত নাই যদিও তেওঁৰ হৈ মাতৃ জয়া দাস অনুষ্ঠানত উপস্থিত হৈ আৰ্থিক সাহায্যখিনি প্ৰদান কৰে ৷ ছয়গাঁও শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি বিকাশ কেন্দ্ৰত আয়োজিত এই অনুষ্ঠানত ৰীমা দাসৰ মাতৃ জয়া দাসে অনুষ্ঠানৰ আৰম্ভণিতে কয় যে লকডাউনৰ বাবে আন আন দুখীয়া লোকৰ লগতে শিল্পী সকলৰো যথেষ্ট কষ্ট হৈছে ৷ সেয়েহে এই সময়ত শিল্পী সকলক সামান্য সকাহ দিয়াৰ বাবে আজিৰ এই প্ৰয়াস বুলি মন্তব্য কৰে ৷ আনহাতে এইকেইটাদিন সাংবাদিক সকলেও যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে সেয়েহে এই সময়ত তেওঁলোককো সামান্য পৰিমাণে সকাহ দিয়াৰ উদ্দেশ্যে এই প্ৰয়াস বুলি মন্তব্য কৰে ৷ ভিলেজ ৰকষ্টাৰ্চৰ এই মহানুভৱতাক ছয়গাঁওবাসীয়ে শলাগ লয় ।