নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে বলৱৎ কৰা দেশজোৰা লকডাউনৰ ফলত অসমৰ কৃষিখণ্ডলৈ নামি আহিছে অশনি সংকেত ৷ ভয়ানক সংকটৰ সন্মুখীন হৈছে ৰাজ্যখনৰ ৩১ লক্ষাধিক কৃষক ৷ যদিও দ্বিতীয় পর্যায়ৰ লকডাউনৰ পৰা কৃষিক্ষেত্রক সকাহ দিয়া হৈছে, তাৰ পাছতো যাতায়াত, কৃষি সঁজুলি, কৃষি বনুৱাৰ অভাৱত এইবাৰ ৰাজ্যখনৰ বিস্তীর্ণ কৃষিভূমি ছন পৰি ৰোৱাৰ উপক্রম হৈছে৷ ৰবি শস্যৰ বতৰত সীমাহীন লোকচানৰ সন্মুখীন হোৱা কৃষক সমাজে এটাৰ পাছত আন এটা সমস্যাৰ মুখামুখি হৈ মূৰে–কপালে হাত দিবলগীয়া হৈছে৷ উল্লেখ্য যে ব’হাগ বিহুৰ পাছৰ সময়ছোৱা হৈছে অসমৰ কৃষিৰ এক ভৰপক সময়৷ আহু ধানৰ খেতিৰ লগতে শালি ধানৰ খেতিৰ প্রস্তুতিৰো সময় এয়া ৷
মূলতঃ গোবিন্দ, আই আৰ ৫০, আই আৰ ৩৬, লাচিত, সোণামুখী আদি প্রজাতিৰ ৰোৱা আহুৰ ক্ষেত্রত ফাগুনৰ মাজভাগৰ পৰা ব’হাগৰ মাজভাগলৈ পথাৰত বীজ সিঁচা হয় আৰু চ’তৰ মাজভাগৰ পৰা জেঠৰ মাজভাগৰ ভিতৰত পথাৰত কঠীয়া ৰোৱা হয়৷ আনহাতে, সিঁচা আহুৰ ক্ষেত্রত ফাগুনৰ মাজভাগৰ পৰা ব’হাগৰ মাজভাগলৈ বীজ সিঁচা হয়৷ তদুপৰি শালি ধানৰ ক্ষেত্রত জেঠৰ মাজভাগৰ পৰা আহাৰৰ শেষলৈ বীজ সিঁচা আৰু আহাৰৰ মাজভাগৰ পৰা শাওণৰ ভিতৰত পথাৰত কঠীয়া ৰোৱা হয়৷ একেদৰে মৰাপাট খেতিৰো ব’হাগৰ দ্বিতীয় সপ্তাহলৈ বীজ সিঁচা হয়৷ যিহেতু অসমৰ ক্ষেত্রত কৃষিভূমিৰ জলসিঞ্চনৰ অৱস্থা অতি শোচনীয়, গতিকে বৰষুণৰ ওপৰত নির্ভৰ কৰি খেতিয়কসকলে শালি ধানকে মূল খেতি চিহাপে গ্রহণ কৰে৷ বানপানীপ্রধান অঞ্চলত আহু খেতিক অগ্রাধিকাৰ দিয়া হয়৷ কিন্তু এইবেলি লকডাউনে কৃষকৰ সকলো পৰিকল্পনাত আউল লগাই দিছে৷ কিয়নো কৃষিখণ্ডক লকডাউনৰ পৰা ৰেহাই দিলেও এয়া সমাজৰ পৰা কোনো বিচ্ছিন্ন ক্ষেত্র নহয়৷ যদিহে লকডাউনৰ ফলত সমগ্র ৰাজ্য অচল হৈ থাকে, তেনে অৱস্থাত কেৱল কৃষিক্ষেত্র সুচাৰুৰূপে পৰিচালিত হোৱাটো সম্ভৱ নহয় ৷
অসমৰ ক্ষেত্রত সমস্যা আৰু অধিক গভীৰ৷ কিয়নো ৰাজ্যখনৰ ২৮ শতাংশ খেতিয়ক ভূমিহীন আৰু ৩৬ শতাংশ কৃষক হ’ল উপান্ত শ্রেণীৰ৷ ভূমিহীন কৃষকসকলৰ বাবে আধি খেতিয়েই হ’ল উপার্জনৰ একমাত্র সম্বল৷ এই ২৮ শতাংশ খেতিয়কে কৃষিকর্মৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যোৱাটো বাধ্যতামূলক৷ বহুক্ষেত্রত বহু ক্ষেত্রত আন জিলাতো এনে খেতিয়ক কৃষিকার্যত নিয়োজিত হয়৷ কিন্তু লকডাউনৰ ফলত ৰাজ্যখনৰ যাতায়াত ব্যৱস্থা সম্পূর্ণৰূপে স্থবিৰ হৈ আছে৷ যান–বাহনৰ চলাচলো বন্ধ৷ এনে পৰিস্থিতিত ভূমিহীন কৃষকসকলো নিজ গৃহতে আবদ্ধ হৈ আছে৷ আধি লোৱা কৃষিভূমিত তেওঁলোকে খোজ এটাও দিব পৰা নাই৷ একেদৰে আন আন কৃষকেও কৃষি বনুৱাৰ অভাৱৰ বাবে কৃষিকার্যত আগবাঢ়িব পৰা নাই৷ আহু ধানৰ খেতিৰ বতৰ যাওঁ যাওঁ, শালি ধানৰ খেতিৰ বাবেও প্রস্তুতি চলোৱাৰ সময়৷ এনে এক গুৰুত্বপূর্ণ সময়ত ছেগাচোৰোকাকৈ ৰাজ্যখনৰ খেতিপথাৰসমূহত কৃষকৰ তৎপৰতা দেখা গৈছে যদিও বেছিভাগ ঠাইতে ধান–মৰাপাট খেতিৰ কুচ–কাৱাজ এতিয়াও পৰিলক্ষিত হোৱা নাই৷ গুৰুত্বপূর্ণ কথাটো হ’ল, অসমৰ অর্থনীতি সদায়েই কৃষিৰ ওপৰত নির্ভৰশীল৷ প্রতিকূলতাৰ মাজতো ৰাজ্যখনৰ ৩১.৩৮ লাখ খেতিয়কে অসমৰ অর্থনীতিৰ শিপাডাল খামুচি ৰাখিছে৷ বছৰি হোৱা প্রবল বানপানীৰ মাজতো ৰবি শস্য, আহু আৰু শালি ধানৰ খেতিয়েই উৎপাদনৰ মূল সময়৷ কিন্তু এইবেলি ক’ৰোনা ভাইৰাছ আৰু তাৰ প্রতিৰোধৰ বাবে বলৱৎ কৰা লকডাউনে কৃষকসকলৰ বাবে কঢ়িয়াই আনিলে ভয়াৱহ সংকট৷ ৰবি শস্যৰ হাজাৰ হাজাৰ বিঘা মাটিৰ ফচল পথাৰতে গেলি–পচি গ’ল৷ ধাৰ–ঋণ লৈ খেতি কৰাসকলৰ এয়া চৰম দুর্যোগৰ সময়৷ এই দুর্যোগৰ পাছত ধান খেতিত মন দিবলৈ গৈও তেওঁলোক এটাৰ পাছত আন এটা সমস্যাৰ মুখামুখি হ’বলগীয়া হৈছে৷ কৃষিপ্রধান ৰাজ্য অসমৰ বাবে এয়া স্বাভাৱিকতেই নতুন বিপদৰ সংকেতধ্বনি হিচাপে বিবেচিত হৈছে৷