নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৰত নৰহ আচৰণত ক্ষুব্ধ স্বাস্থ্যমন্ত্রী মহন্ত

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ কংগ্রেছ দলে ক’ভিড ভেকচিনৰ বিৰুদ্ধে ৰাইজৰ মাজত অপপ্রচাৰ চলাই আছে৷ এই গুৰুতৰ অভিযোগ সংসদীয় পৰিক্রমা মন্ত্রী পীয়ূষ হাজৰিকাৰ৷ শুকুৰবাৰে সদনৰ প্রশ্ণোত্তৰ কালত বিৰোধী দলপতি দেৱব্রত শইকীয়াই ক’ভিড ভেকচিন সম্পর্কত এক প্রশ্ন উত্থাপন কৰে৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই প্রশ্নৰ পুংখানুপুংখ উত্তৰ দি থকাৰ মাজতে কংগ্রেছ বিধায়ক ভৰত নৰহে বাৰে বাৰে বিভিন্ন প্রসংগ অৱতাৰণা কৰিবলৈ আৰম্ভ কৰে৷ ফলত স্বাস্থ্যমন্ত্রী মহন্তই উত্তৰ দিয়াৰ ক্ষেত্রত একপ্রকাৰ বাধাৰ সন্মুখীন হয়৷ এটা সময়ত নৰহৰ আচৰণত অতিষ্ঠ হৈ সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই কিছু কিছু ৰাজনৈতিক দলে ক’ভিড ভেকচিনৰ বিৰুদ্ধে অপপ্রচাৰ কৰাৰ গুৰুতৰ অভিযোগ কৰি কয় যে কংগ্রেছ দলেও ক’ভিড ভেকচিনৰ বিৰুদ্ধে অপপ্রচাৰ কৰিছে৷ তাৰ বাবে ইতিমধ্যে বহু ভেকচিন নষ্ট হৈছে৷ আজিৰ পৰা তিনি দিন আগত কংগ্রেছৰে সহযোগী অখিলেশ যাদৱে কৈছে– তেওঁ এই ভেকচিন নলয়৷ কংগ্রেছ নেতা ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটেও ভেকচিন নলওঁ বুলি কোৱাত বহু ভেকচিন নষ্ট হৈছে৷ আনহাতে, নৰহৰ আচৰণত সদনৰ মজিয়াতে হঠাৎ খং উঠিল স্বাস্থ্যমন্ত্রী মহন্তৰ৷ ক্ষুব্ধ মহন্তই সদনত গুৰুতৰ অভিযোগ কৰি কয় যে নৰহে সদনৰ নীতি–নিয়ম ভালদৰে জানে৷ জানি–বুজিও তেওঁ পৰিপূৰক উত্তৰ দিয়াৰ সময়ত হস্তক্ষেপ কৰি বিষয়টো বিভ্রান্ত কৰাৰ চেষ্টা কৰিছে৷

নৰহৰ উদ্দেশ্য কি বুলিও স্বাস্থ্যমন্ত্রী মহন্তই প্রশ্ণ কৰে৷ আজি সদনত স্বাস্থ্যমন্ত্রী মহন্তই সদৰী কৰা অনুসৰি অসমত এতিয়ালৈ ৮৫,৪১,০৫৫গৰাকী লোকে ভেকচিন লাভ কৰিছে৷ ইয়াৰে ৭০,৭১,৪৮৬গৰাকী লোকে প্রথম ড’জ আৰু ১৪,৬৯,৫৭৯গৰাকী লোকে দুটা ড’জ লাভ কৰিছে৷ অসমৰ ৩০ শতাংশ লোকেই এতিয়ালৈ প্রথম ড’জ ভেকচিন লাভ কৰিছে আৰু ৭ শতাংশ লোকে দুটাকৈ ড’জ লাভ কৰিছে৷ দ্বিতীয়টো ড’জৰ বাবে বর্তমান কোনো লোক ৰৈ থাকিবলগীয়া হোৱা নাই বুলি উল্লেখ কৰি কয় যে মাজতে ক’ভাক্সিনৰ নাটনি হৈছিল যদিও বর্তমান পর্যাপ্ত পৰিমাণে আছে৷ পাহাৰীয়া জিলাত ম’বাইল টীমে ভেকচিন দিয়াৰ ব্যৱস্থা কৰাৰ দৰে চৰ অঞ্চলতো দিয়াৰ ব্যৱস্থা কৰাৰ বিষয়ে বিভাগৰ লগত আলোচনা কৰিব বুলি সদনত সদৰী কৰে৷ শাৰীৰিকভাৱে সক্ষম, জ্যেষ্ঠ, অসুস্থ ব্যক্তিৰ ঘৰৰ সন্মুখলৈ গৈ ভেকচিন দিয়াৰ বাবেও এছ অ’ পি দিয়া হৈছে বুলি সদনত তেওঁ জানিবলৈ দিয়ে৷

You might also like