নিয়মীয়া বাৰ্তা, ৫ জুনঃ ৬৫ বছৰৰ ঊর্ধ্বৰ ব্যক্তিক মঠ–মন্দিৰ আৰু আন ধর্মীয় উপাসনাস্থলীলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ কেন্দ্রীয় চৰকাৰে প্রকাশ কৰা ষ্টেণ্ডার্ড অপাৰেটিং প্রচিডিউৰ (এছ অ’ পি)যোগে পৰামর্শ আগবঢ়াইছে৷ উল্লেখ্য যে উপাসনাস্থলীসমূহৰ লগতে অহা ৮ জুনৰ পৰা শ্বপিং মল, ৰেস্তোৰাঁ আদি পুনৰ খোলা হ’ব৷
ইয়াৰ পূর্বে কেন্দ্রীয় চৰকাৰে এই এছ অ’ পি প্রকাশ কৰে৷ কেৱল উপসর্গহীন ব্যক্তিকহে উপাসনাস্থলী, ৰেস্তোৰাঁ, মলসমূহত প্রৱেশৰ অনুমতি দিয়া হ’ব৷ ইয়াৰ বাবে স্ক্রীনিঙৰ কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব মল, হোটেল, ৰেষ্টুৰেণ্টৰ কর্তৃপক্ষ আৰু উপাসনাস্থলী পৰিচালনা কমিটীয়ে৷ মল, ৰেস্তোৰাঁৰ কর্মচাৰীসকলকো স্ক্রীনিং কৰাৰ পিছতহে প্রৱেশৰ অনুমতি দিবলৈ এছ অ’ পিত উল্লেখ কৰা হৈছে৷
সামাজিক দূৰত্ব নিশ্চিত কৰাৰ বাবে ব্যক্তিগত এই প্রতিষ্ঠানসমূহৰ কর্তৃপক্ষ আৰু উপাসনাস্থলী কর্তৃপক্ষই পর্যাপ্ত কর্মচাৰীক নিয়োগ কৰিব লাগিব৷ কোনো কাৰণতে যাতে ভিৰ নহয়, সেইটো নিশ্চিত কৰাটো হ’ব বাধ্যতামূলক৷ সামাজিক দূৰত্বক প্রধান গুৰুত্ব দিবলৈ এছ অ’ পিত বিশেষভাৱে উল্লেখ কৰা হৈছে৷ সম্ভৱ হ’লে শ্বপিং মলসমূহত গ্রাহক, কর্মচাৰী আৰু যোগানকাৰীসকলৰ বাবে প্রৱেশ–প্রস্থানৰ সুকীয়া ব্যৱস্থা কৰাৰো পৰামর্শ দিয়া হৈছে৷
উল্লেখ্য যে আনলক–১ ইতিমধ্যে ১ জুনৰ পৰা আৰম্ভ হৈছে আৰু লকডাউন শিথিল হোৱাৰ পিছত জীৱনযাত্রা বহু পৰিমাণে স্বাভাৱিক হৈ উঠিছে৷ ইয়াৰ পিছত ৮ জুনৰ পৰা উপাসনাস্থলী, মল, হোটেল, ৰেস্তোৰাঁ পুনৰ খোলাৰ সময়ত এছ অ’ পি অনুযায়ী কঠোৰ নিয়মসমূহ বলৱৎ হ’ব৷ কোনো সন্দেহজনক ক’ভিড ৰোগী বা নির্দিষ্ট স্থানলৈ অহাৰ পিছত নিশ্চিত হোৱা ক’ভিড পজিটিভক তৎকালে আছুতীয়াকৈ ৰখাৰ বাবে প্রয়োজনীয় কোঠালি সাজু কৰি ৰাখিব লাগিব৷