নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাধ্যমিক শিক্ষা বিভাগৰ অতিৰিক্ত সচিবক বদলিৰ দাবী শিক্ষা উন্নয়ন সংস্থাৰ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ ৰাজ্যৰ মাধ্যমিক শিক্ষা বিভাগত অতিৰিক্ত সচিব ফজৰুল হক চৌধুৰীয়ে ব্যাপক দুর্নীতি–নিয়ম সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ অভিযোগ মতে শিক্ষা বিষয়া ফজৰুল হক চৌধুৰীয়ে উৎকোচ অবিহনে কোনো কাম নকৰে৷ শিক্ষা উন্নয়ন সংস্থা, অসমৰ সভাপতি হুছেইন আহমেদে অভিযোগ কৰা মতে দুর্নীতিগ্রস্ত ফজৰুল হক চৌধুৰীয়ে বিভিন্ন কামৰ বাবদ শিক্ষক, প্রধান শিক্ষক, অধ্যক্ষ তথা বিদ্যালয় আৰু মাদ্রাছাসমূহৰ অধীক্ষকৰ পৰা মোটা অংকৰ উৎকোচ আদায় কৰে৷ বিভিন্ন কামৰ বাবে যোৱা সাক্ষাৎ প্রার্থীসকলক সততে ৰুঢ় ব্যৱহাৰ কৰা শিক্ষা বিষয়াজনে নির্দিষ্ট হাৰত উৎকোচ নিদিলে কোনো এটা কামেই নকৰে৷ মূলতঃ বৰাক উপত্যকাৰ বাসিন্দা ফজৰুল হক চৌধুৰীয়ে নিজৰ ঘনিষ্ঠ লোকৰ জৰিয়তে বিভিন্ন বিদ্যালয় আৰু মাদ্রাছাসমূহৰ কর্মচাৰীসকলৰ কাম–কাজৰ বাবে উৎকোচ দাবী কৰি হাৰাশাস্তি কৰি আহিছে৷

সভাপতি আহমেদে লগতে অভিযোগ কৰা মতে বিভাগীয় শীর্ষ বিষয়াক মেনেজ কৰি একেটা বিভাগতে সাত বছৰ ধৰি কার্যনির্বাহ কৰি আছে ফজৰুল হক চৌধুৰীয়ে৷ এইজন দুর্নীতিগ্রস্ত বিষয়া চৌধুৰীক এটা গোচৰত গুৱাহাটী উচ্চ ন্যায়লয়ে ২৫ হাজাৰ টকা জৰিমণা বিহাৰ লগতে তেওঁক ৰাজ্যিক প্রধান শিক্ষক/অধ্যক্ষ বাছনি ব’ডৰ অধ্যক্ষ পদৰ পৰা আঁতৰাই দিয়ে৷ এনে পৰিস্থিতিত এইগৰাকী ঘোচখোৰ বিষয়াক মাধ্যমিক শিক্ষা বিভাগৰ পৰা বদলি কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে উত্থাপিত দুর্নীতিৰ অভিযোগ সন্দর্ভত বিভাগীয় ব্যৱস্থা গ্রহণৰ আবেদন জনাই শিক্ষা উন্নয়ন সংস্থাৰ তৰফৰ পৰা বিশেষ কর্তব্যৰত বিষয়াৰ জৰিয়তে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ এখন পত্র প্রেৰণ কৰা বুলিও সভাপতি আহমেদে জানিবলৈ দিয়ে৷

You might also like