নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰঙি মৌজাত বন্যহস্তীৰ তাণ্ডৱ শ শ বিঘা ৰবিশস্য তহিলং

নিয়মীয়া বার্তা, ২৫ এপ্রিলঃ ক’ৰোনাৰ আতংক আৰু লকডাউনৰ মাজতে গোলাঘাট জিলাৰ মৰঙি মৌজাত হস্তী–মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ মৌজাৰ ধাননি পথাৰ বানে বিধ্বস্ত কৰাৰ পিছত হাড় ভঙা পৰিশ্রম কৰি কৰা ৰবিশস্যৰ খেতি এতিয়া প্রায় ৭০টাতকৈ অধিক হাতীৰ জাকে সমুলঞ্চে মষিমূৰ কৰাত দিকবিদিক হেৰুৱাইছে কৃষকসকলে ৷ মৌজাটোৰ বৰচাপৰি, ৰংবং, বকিয়াল আদিকে ধৰি কেইবাখনো গাঁৱৰ কৃষকৰ ৰঙালাও, জলকীয়া আদি শস্য এফালৰ পৰা ধ্বংস কৰি পেলাইছে হাতীৰ জাকটোৱে ৷ অঞ্চলটো এতিয়া হাতীৰ চৰণীয়া পথাৰত পৰিণত হৈছে ৷ অকল পথাৰেই নহয়, উক্ত গাঁৱৰ ৰাইজৰ বাৰীৰ ফচলো এতিয়া এফালৰ পৰা ধ্বংস কৰিছে বন্যহস্তীয়ে ৷ হস্তীৰ উপদ্রৱ বাঢ়ি অহাত এতিয়া বন্যহস্তী খেদিবলৈ ৰাইজে উপায়হীন হৈ বিভিন্ন পন্থা অৱলম্বন কৰিবলৈ ধৰিছে ৷ ৰাইজে হাতে হাতে দা–যাঠি, ধনুকাঁড, কুঠাৰ আদি লৈ বন্যহস্তীৰ লগত সন্মুখ সমৰত লিপ্ত হৈছে ৷ বন্যহস্তীয়ে পূর্বতে জুই আদি জ্বলাই, টিং আদি বজালেই আঁতৰি গৈছিল যদিও বর্তমান এইবোৰলৈ কেৰেপকে নকৰা হোৱাত বিপাঙত পৰিছে কৃষকসকল ৷ আনহাতে, বন্যহস্তী খেদিবলৈ বা বন্যহস্তীৰ আক্রান্ত অঞ্চলত খবৰ ল’বলৈ অকণো আহৰি হোৱা নাই ৷ খাদ্য সামগ্রীৰ নাটনি তথা লকডাডনৰ মাজত এনেদৰে অঞ্চলকেইটাত বন্যহস্তীয়ে ডপদ্রৱ চলাই কৃষকৰ শেষ সম্বল ৰবিশস্যও নষ্ট কৰাত অঞ্চলটোৰ ৰাইজৰ মাজলৈ এতিয়া বিপদ নামি আহিছে ৷ শীঘ্রেই যদি চৰকাৰ তথা বন বিভাগে বন্যহস্তীৰ ডপদ্রৱ ৰোধৰ ব্যৱস্থা গ্রহণ নকৰে, তেতিয়াহ’লে মৌজাটোত হস্তী–মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিব ৷

You might also like