নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন সন্দৰ্ভত কি ঘোষণা কৰিলে অসম চৰকাৰে

নিয়মীয়া বাৰ্তা ২০ এপ্ৰিলঃ লকডাউনৰ শিথিলতাৰ ওপৰত আজি ৰাজ্যৰ মুখ্য সচিবে এখন সংবাদমেল আয়োজন কৰে। সংবাদ মেল খনত মুখ্য সচিবগৰাকীয়ে কয় যে অহা কাইলৈ পৰা অসম সচিবালয়ত কাম কাজ আৰম্ভ কৰা হ’ব। এই ক্ষেত্ৰত সচিবালয় কৰ্মচাৰীৰ বাবে বাবে বাছৰ ব্যৱস্থা কৰা হৈছে। মহানগৰীৰ বিভিন্ন ঠাইৰ পৰা বাছেৰে কৰ্মচাৰী অনাৰ ব্যৱস্থা কৰা হব। আনহাতে সচিবালয়লৈ অহা ৩ মে’ লৈকে বাহিৰৰ কোনো লোক যাব নোৱাৰিব।

আনহাতে সচিবালয়ৰ লগতে আন সকলো কাৰ্যালয়ৰ কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰিব লাগিব লগতে সামাজিক দূৰত্ব বজাই ৰাখিহে নিজৰ কৰ্ম সাধন কৰিব লাগিব।

 

আনহাতে সপ্তাহটোত তিনি দিনৰ বাবে কিতাপৰ দোকান খোলা হ’ব।ৰাজ্যৰ বিভিন্ন ঠাইত আবদ্ধ হৈ থকা বিভিন্ন লোকক নিজৰ গৃহলৈ অনাৰ ব্যৱস্থা কৰা হ’ব।কোনা ধৰণৰ আন্তঃৰাজ্যিক যাতায়তৰ অনুমতি প্ৰদান কৰা নহয়।

You might also like