নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত প্রতিক্রিয়া: চিকিৎসক–কর্মচাৰী চাটাই আদিত্য নার্ছিং হোমৰ

নিয়মীয়া বার্তা, ৪ জুনঃ মহামাৰী ক’ৰোনাক লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ, চিকিৎসা কম, আশাকম্য়ে জীৱনক হাতৰ মুুঠিত লৈ দিন–ৰাতি একাকাৰ কৰি আক্রান্তক সেৱা আগবঢ়োৱাৰ যুঁজত নমাৰ সময়তেই শিৱসাগৰৰ এখন নার্ছিং হোম কর্তৃপক্ষৰ অবিবেচকী কর্মকাণ্ডই ৰাইজৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

শিৱসাগৰৰ একাংশ ক’ভিড যুদ্ধাই নার্ছিং হোম কর্তৃপক্ষৰ চূডান্ত মইমতালি আৰু অবিবেচকী সিদ্ধান্তৰ বাবেই চাকৰি হেৰুৱাবলগীয়া হোৱা ঘটনা সংঘটিত হৈছে৷ শিৱসাগৰ আদিত্য নার্ছিং হোম কর্তৃপক্ষই অতি পৰিকল্পিতভাৱে ক’ৰোনা মহামাৰীৰ গইনা লৈ নার্ছিং হোমখনত কর্তব্যৰত একাংশ চিকিৎসা কম, চিকিৎসকক চাকৰিৰ পৰা কোনো কাৰণ নেদেখুৱাকৈ চাটাই কৰাক লৈ ক্ষোভৰ সৃষ্টি হৈছে শিৱসাগৰ জিলাত৷

ভালৰ দিনত দিন ৰাতি একাকাৰ কৰি নূন্যতম দৰমহাৰ বিনিময়ত সেৱা আগবঢ়াই অহা এইসকল চিকিৎসাকম্, চিকিৎসকক ক’ৰোনা মহামাৰী, মহামাৰী প্রতিৰোধক লকডাডনৰ গইনা লৈ চাকৰিৰ পৰা চাটাই কৰাক লৈ সর্বত্র উঠিছে প্রতিক্রিয়াৰ জোৱাৰ৷ ডল্লেখ্য যে যি সময়ত খোদ দেশৰ প্রধানমন্ত্রীগৰাকীয়্ ক’ৰোনা যুদ্ধাক সন্মান জনাবৰ বাবে দেশবাসীৰ প্রতি আহ্বান জনোৱাৰ লগতে লকডাডনৰ পৰিপ্রেক্ষিতত ভাগি পৰা অর্থনীতি ডদ্ধাৰৰ বাবে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে, সেই সময়তেই শিৱসাগৰৰ আদিত্য নার্ছিং হোম কর্তৃপক্ষৰ এই ভূমিকাই এতিয়া স্তম্ভিত কৰি তুলিছে সচেতন মহলক৷ স্থানীয় শিক্ষিত নিবনুৱাৰ প্রতি নার্ছিং হোম কর্তৃপক্ষই দেখোৱা ভূমিকাক তীব্র ক্ষোভ প্রকাশ কৰিছে বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে৷ এক বিবৃতিত আদিত্য নার্ছিং হোমৰ এই স্থিতিক নিন্দনীয়, অমানৱীয় বুলি আখ্যা দিয়াৰ লগতে এইয়া প্রত্যক্ষভাৱে খিলঞ্জীয়াৰ ওপৰত মোক্ষম আঘাত বুলি অভিযোগ কৰিছে৷

দীর্ঘদিনৰ পৰা নার্ছিং হোমখনত নিয়োজিত হৈ থকা চিকিৎসক ঋষভ শইকীয়া, মামণি দত্ত শইকীয়া, বন্দনা গগৈকে ধৰি কেইবাগৰাকী চিকিৎসাকম্ক আকস্মিকভাৱে চাকৰিৰ পৰা চাটাই কৰা কার্য কেতিয়াও গ্রহণযোগ্য নহয় বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৱে৷ চাটাই কৰা কর্মচাৰীসকলক পুনৰ নিযুক্তি দিয়াৰ ব্যৱস্থা গ্রহণ নকৰে, তেন্তে বীৰ লাচিত সেনাই আদিত্য নার্ছিং হোম কর্তৃপক্ষৰ বিৰুদ্ধে তীব্র আন্দোলন ঘোষণা কৰিবলৈ বাধ্য হ’ব বুলি বীৰ লাচিত সেনাৰ চীতু বৰুৱাই স্পষ্ট কৰি দিয়ে৷

You might also like