নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সকলোৰে এটাই কথা, লক ডাউন বৃদ্ধি কৰক চৰকাৰে

নিয়মীয়া বাৰ্তা, ৮ মেঃ বৃহস্পতিবাৰৰ নিশা গুৱাহাটী মহানগৰবাসীলৈ আহিল এটা বেয়া খবৰ। একেদিনাই ক’ৰোনাত আক্ৰান্ত ৪জনকৈ লোক। আক্ৰান্ত হৈ মৃত্যু সাৱতিলে এগৰাকী কিশোৰীয়ে।কোনো চিকিৎসা নোপোৱাকৈ মৃত্যুক সাৱতিলে ১৬ বছৰীয়া দীপিকা নাথে। আনহাতে বৰোদা দাসৰ প্ৰথমে কাঁহ আৰু ডায়েৰিয়া হোৱাৰ পিছতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। স্ক্ৰিনিং টেষ্টত থকা এজন চিকিৎসক ছাত্ৰৰ লগতে শিলিগুৰিৰ পৰা অহা এজন লোক আক্ৰান্ত হোৱাৰ খবৰ টুইটযোগে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে।

তাৰ পিছতেই সৰ্বত্ৰ প্ৰতিক্ৰিয়া। লক ডাউন শিথিল কৰাৰ পাছতে সকলো লোকে প্ৰয়োজনীয়-অপ্ৰয়োজনীয়ভাৱে বাহিৰলৈ ওলাই অহাৰ লগতে লক ডাউনৰ সকলো নীতি-নিয়ম ভংগ কৰি সামাজিক দূৰত্ব বৰ্তাই নাৰাখি জধে-মধে দোকান-পোহাৰ খুলিছে। কোনো কোনো লোকে মাস্ক পৰিধান নকৰি সামাজিকস্থানলৈ ওলাই অহাৰ লগতে বাৰম্বাৰ চৰকাৰে অনুৰোধ কৰি থকাৰ পাছতো শিশু-বয়োজ্যেষ্ঠসকল বাহিৰলৈ ওলাই আহিছে তেনেস্থলত ক’ৰোনা আক্ৰান্তৰ সংখ্যা যে বৃদ্ধি পাব সেইটো নিশ্চিত।

সেয়েহে মহানগৰবাসীৰ মুখে মুখে এটাই কথা লক ডাউন বৃদ্ধি কৰক চৰকাৰে নহ’লে ভয়াৱহ বিপদ সমাগত।

You might also like