সামাজিক দূৰত্ব বৰ্তাই ৰাখি শিক্ষানুষ্ঠান-শ্বপিংমল খোলাৰ পোষকতা
নিয়মীয়া বাৰ্তা, ২৯ মেঃ সামাজিক দূৰত্ব বৰ্তাই ৰাখি আৰম্ভ কৰা হ’ব সাধাৰণ জীৱন-যাপন। যিহেতু বৰ্তমান সকলো লোক ক’ৰোনা ভাইৰাছক লৈ সজাগ আৰু সতৰ্ক হৈছে গতিকে সকলোৱে এনে পৰিৱেশত নিজকে খাপ খুৱাব পাৰিলেই সকলোবোৰ খোলা হ’ব। এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
স্কুল-কলেজ খুলিলে প্ৰথমে দশম আৰু দ্বাদশ শ্ৰেণী খোলাৰ সিদ্ধান্ত। সান্ধ্য আইন নিশা বলবৎ কৰাৰো পোষকতা। নিশা ৯ বজাৰ পৰা সান্ধ্য আইন হ’লেও একো অসুবিধা নহয়। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত ল’ব সেয়াই মানিব ৰাজ্য চৰকাৰে।