নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰামত্ত কনিষ্টবলৰ বর্বৰ আক্রমণত নগাঁৱৰ জাজৰি ধলপুৰীয়া গাঁওৰক্ষী বাহিনীৰ সভাপতিৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৫ জুনঃ  অসম আৰক্ষীৰ খাকী পোছাকত পুনৰ ক’লা দাগ৷ নগাঁও জিলাৰ জাজৰি থানাৰ দুই সুৰামত্ত কনিষ্টবলৰ বর্বৰোচিত আক্রমণত প্রাণ গ’ল গাঁওৰক্ষী বাহিনীৰ এজন সভাপতিৰ৷ একমাত্র টর্চলাইটৰ পোহৰ নিক্ষেপৰ অপৰাধতে শান্তিৰক্ষকৰ অমানৱীয় নির্যাতনৰ বলি হৈ জাজৰি ধলপুৰীয়া গাঁওৰক্ষী বাহিনীৰ সভাপতি, জাজৰি ব্যৱসায় সমিতিৰ সভাপতি আৰু জাজৰি থানা সমিতিৰ সহকাৰী সম্পাদকৰ দায়িত্বত থকা ফণীধৰ বৰাৰ আজি মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্র অঞ্চলটো প্রতিবাদত উত্তাল হৈ পৰে৷

সন্ধিয়াৰে পৰা জাজৰি থানাৰ সন্মুখত অৱস্থান কৰা প্রতিবাদকাৰীসকলে নিশাৰ ভাগত বৰাৰ মৃত্যুৰ খবৰ পাই অধিক উত্তেজিত হৈ জাজৰি থানা ঘেৰাও কৰে৷ উত্তেজনাময় পৰিস্থিতিৰ খবৰ লাভ কৰি নিশাই জাজৰি থানাত উপস্থিত হয় নগাঁও জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্রশাসনৰ শীর্ষ বিষয়াবর্গ৷ তেওঁলোকে ক্ষুব্ধ জনতাৰ প্রতিবাদৰ সন্মুখীন হয়৷ উত্তেজিত জনতাই আবদ্ধ কৰি ৰাখে উপায়ুক্ত–আৰক্ষী অধীক্ষকক৷ এই বাতৰি নিশাৰ সময়লৈকে জাজৰি থানাৰ সন্মুখত প্রতিবাদ তথা উত্তেজনাময় পৰিস্থিতি অব্যাহত আছে৷ গাঁওৰক্ষী বাহিনীৰ সভাপতি বৰাক সামান্য অপৰাধতে অমানুষিক অত্যাচাৰ চলোৱা আৰক্ষী কনিষ্টবল দুজনক গ্রেপ্তাৰ তথা যথোপযুক্ত শাস্তি বিহাৰ দাবীত প্রতিবাদকাৰীসকলে সমস্বৰে শ্লোগান দিছে– ‘জাজৰি আৰক্ষী লেইলেই ছেইছেই’, ‘জাজৰি আৰক্ষীৰ অত্যাচাৰী শাসন বন্ধ কৰক’, ‘আৰক্ষীৰ দালালগিৰি বন্ধ কৰক’৷ জানিব পৰা মতে, ঘটনাৰ সূত্রপাত ঘটিছিল যোৱা ২ জুনৰ নিশা৷ সেইদিনা নিশা জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্রৰ সন্মুখৰ পৰা টর্চলাইটৰ পোহৰ নিক্ষেপৰ অপৰাধতে সুৰামত্ত দুই আৰক্ষী কনিষ্টবল পৰেশ শর্মা আৰু আতিকুৰ ৰহমানে গাঁওৰক্ষী বাহিনীৰ সভাপতিজনক গুৰুলা গুৰুলকৈ প্রহাৰ কৰি থানা চৌহদলৈ চোঁচৰাই নিছিল৷

সিমানতে ক্ষান্ত নাথাকি থানা চৌহদতো গাঁওৰক্ষী বাহিনীৰ সভাপতিজনৰ ওপৰত অমানুষিক নির্যাতন চলোৱা হৈছিল৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি আৰক্ষীৰ বর্বৰোচিত আক্রমণত পেটৰ নাৰীপর্যন্ত ছিঙি গৈছিল বৰাৰ৷ ইয়াৰ পিছতে সংকটজনক অৱস্থাত নগাঁৱৰ এখন নার্ছিং হোমত তেওঁক ভর্তি কৰোৱা হয়৷ নার্ছিং হোমখনৰ আইচিইউত মৃত্যুৰে যুঁজি থকা বৰাৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত আজি সন্ধিয়াৰ ভাগত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে৷ কিন্তু আদ বাটতে শেষ নিশ্বাস ত্যাগ কৰে আৰক্ষীৰ দানৱীয় অত্যাচাৰৰ বলি হোৱা নিৰীহ ব্যক্তিজনে৷ ইফালে অমানুষিক নির্যাতন চলাই গাঁওৰক্ষী বাহিনীৰ সভাপতিজনক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাৰ সৈতে জাজৰিৰ দুজন স্থানীয় যুৱক উৎপল শইকীয়া আৰু নেকিব আহমেদ জড়িত থকাৰো অভিযোগ উঠিছে৷ ঘটনা সন্দর্ভত ইতিমধ্যে বৰাৰ পৰিয়ালে জাজৰি থানাত এটা গোচৰ তৰিছে৷

গাঁওৰক্ষী বাহিনীৰ সভাপতি পদত থকা ব্যক্তি এজনৰ ওপৰত ঘৃণনীয় অত্যাচাৰ চলোৱা দোষী আৰক্ষীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা গ্রহণ নকৰিলে প্রতিবাদ অধিক জোৰদাৰ কৰি তোলা হ’ব বুলি সকীয়াই দিছে স্থানীয় ৰাইজে৷ অৱশ্যে স্থানীয় ৰাইজৰ প্রতিবাদৰ মাজতে আজি নিশাৰ ভাগত বর্বৰ আক্রমণ চলোৱা কনিষ্টবল পৰেশ শর্মা আৰু আতিকুৰ ৰহমানক আটক কৰি নগাঁও সদৰ থানালৈ লৈ যোৱা হয়৷ সমগ্র ঘটনাটোক অসম আৰক্ষীৰ ঊর্ধ্বতন কর্তৃপক্ষই কিদৰে গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like