নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণতলীত আতংকঃ দিল্লীৰ পৰা আহি তথ্য লুকুৱাইছিল ক’ৰোনা আক্ৰান্তই

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছে এতিয়া ভাৰততো সংহাৰী ৰূপ ধাৰণ কৰিছে । সম্প্ৰতি অসমত আক্ৰান্ত হোৱা ৯৯ শতাংশ লোকে দিল্লীস্থিত নিজামুদ্দিন মাৰ্কাজত তবলিগী জামাতত অংশগ্ৰহণকাৰী লোক বুলি ইতিমধ্যে জানিব পৰা গৈছে । উল্লেখ্য যে, যোৱা ১৩ মাৰ্চত এই মাৰ্কাজৰ জামাতত অংশ লৈছিল পুৰাণ গাঁৱৰ এজন ৩৪ বছৰীয়া লোকে । কামৰূপ জিলাৰ সোণতলী মৌজাৰ এলেকাধীন পুৰাণ গাঁও নিৱাসী মফিজুদ্দিন নামৰ লোকজন যোৱা ১৮ মাৰ্চত জামাতৰ পৰা ৰে’লযোগে গুৱাহাটীৰ কামাখ্য়া ষ্টেচনত নামি জালুকবাৰীৰ পৰা সোণতলীলৈ অহা যাত্ৰীবাহী বাছেৰে ঘৰলৈ আহে । কিন্তু তেওঁ নিজকে চিকিৎসকৰ পৰামৰ্শ নলৈ ঘৰতে থাকি অঞ্চলটোৰ বিভিন্ন লোকৰ লগত সংস্পৰ্শলৈ আহে । সেই সময়ছোৱাত তেওঁ ভ্ৰমণৰ তথ্য লুকাই ৰাখি নিৰ্বিবাদে ফুৰা-চকা কৰে । পাছত স্থানীয় এগৰাকী আশাকৰ্মীয়ে এই খবৰ লাভ কৰি বকো আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ দ্বাৰা চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰে । যোৱা ২ এপ্ৰিলত তেওঁক বামুণীগাঁও আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰি আছুতীয়াকৈ ৰাখি নমুনা পৰীক্ষা কৰাত ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি চিকিৎসকে তথ্য সদৰী কৰে । শুকুৰবাৰে নিশা লোকজনক বামুণীগাঁও আদৰ্শ চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে এম এম চি এইচলৈ স্থানান্তৰিত কৰা হয় । এই খবৰ বিয়পি পৰাৰ লগে লগে সোণতলীৰ পুৰাণ গাঁৱত ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে । কিয়নো মফিজুদ্দিনে ১৮ মাৰ্চত ঘৰলৈ আহি কোনোধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈ ৰাইজৰ মাজত ঘূৰি ফুৰিছিল । লগতে যোৱা ২২ মাৰ্চত পুৰাণ গাঁৱত সমূহীয়া নামাজতো অংশগ্ৰহণ কৰিছিল ।

You might also like