নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰত স্থাপন কৰিবলৈ নিদিয়ে টোলগেটঃ ৬ সংগঠনৰ হুংকাৰ

নিয়মীয়া বার্তা, ১৯ মার্চঃ সোণাপুৰৰ যোগদলত নীতি–বহির্ভূতভাৱে জনবসতি অঞ্চলত আৰু বিসংগতিপূর্ণ ৰাষ্ট্রীয় ঘাইপথত কোনো কাৰণতে টোলগেট স্থাপন হ’বলৈ দিয়া নহ’ব ৷ ৰাজহুৱা আলোচনা নকৰাকৈ টোলগেট স্থাপন কৰিব বিচাৰিলে এক ভয়ংকৰ পৰিস্থিতি সৃষ্টি হ’ব ৷ –এই  হুংকাৰ ডিমৰীয়া জিলা জনজাতি সংঘৰ সভাপতি ৰত্নেশ্বৰ ৰংহাঙৰ ৷ বুধবাৰে ডিমৰীয়া জিলা জনজাতি সংঘৰ কার্যালয়ত আয়োজন কৰা সংবাদ মেলত ৰংহাঙে আৰু কয় যে অঞ্চলটোৰ একাংশ সমাজবিৰোধী লোকে টোলগেট হ’ব লাগে বুলি চৰকাৰী পক্ষৰ লগত সহযোগিতা আগবঢ়াইছে ৷ সেইসকল লোক ৰাইজৰ ৰোষত পৰাটো নিশ্চিত ৷ ৰাষ্ট্রীয় পথত থাকিবলগীয়া সুবিধাসমূহ নোহোৱা পর্যন্ত কোনো কাৰণতে টোলগেট হ’বলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে ৰত্নেশ্বৰ ৰংহাঙে ৷

সংবাদ মেলত সদৌ তিৱা ছাত্র সন্থাৰ কামৰূপ জিলা সমিতিৰ সভাপতি ধনেশ্বৰ দলৈয়ে কয় যে জনবসতিপূর্ণ অঞ্চলত কোনো কাৰণতে টোলগেট হ’বলৈ দিয়া নহ’ব ৷ এই বিষয়ে শীঘ্রে ৰাজপথ অৱৰোধ কৰি জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি তেওঁ হুংকাৰ দিয়ে ৷ তেওঁ কয় – সমাজৰ হৈ কাম কৰি থকা বুলি পৰিচয় দি ফুৰা দালালৰূপী নেতা–পালিনেতাই টোলগেট স্থাপনত পূর্ণ সহযোগিতা কৰিছে ৷ তেওঁলোক সমাজৰ একো একোজন ভণ্ড নেতা ৷ সমাজত নেতৃত্ব লোৱা সেইসকল দালাল শ্রেণীৰ চৰিত্র শীঘ্রে ৰাজহুৱা কৰা হ’ব ৷ সমাজৰ বিৰুদ্ধে কাম কৰা সেইসকল লোকক ৰাজহুৱা স্থানত অপমান কৰাৰ সময় আহি পৰা বুলি মত প্রকাশ কৰে ধনেশ্বৰ দলৈয়ে ৷ তেওঁ কয় যে টোলগেট স্থাপনৰ ক্ষেত্রত কিছুদিন পূর্বে চৰকাৰৰ সৈতে গুৱাহাটীত স্থানীয় ৬ জাতীয় সংগঠনৰ নেতৃবৃন্দ আলোচনাত মিলিত হৈছিল ৷ সেই আলোচনাৰ বিষয়ে সংশ্লিষ্ট নেতাকেইগৰাকীয়ে একো কথা ৰাজহুৱা নকৰিলে ৷ টোলগেটৰ পৰা এক মোটা ধনৰ লালসাত সেই আলোচনাৰ কথা আজিলৈকে ৰাজহুৱা কৰিব নোৱাৰিলে বুলি পৰোক্ষভাৱে মন্তব্য কৰে ধনেশ্বৰ দলৈয়ে ৷

সংবাদ মেলত অধিবক্তা জিতেন মহিলাৰীয়ে কয় – ৰাইজে টোলগেটৰ বিৰোধিতা কৰিছে ৷ কিন্তু একাংশ পাবত গজা নেতা–পাতিনেতাই ইয়াক আদৰণি জনাইছে ৷ সেইসকল লোকক চিনাক্ত কৰি ৰাজহুৱা স্থানত উচিত শাস্তি দিব লাগে বুলিও তেওঁ উল্লেখ কৰে ৷ সংবাদ মেলত বড়ো ছাত্র সন্থাৰ ডিমৰীয়া আঞ্চলিক সমিতিৰ সভাপতি অজিত খাখলাৰী, সমাজসেৱক মুকুন্দ বে’ উপস্থিত থাকি টোলগেট স্থাপনৰ বিৰোধিতা কৰে ৷ টোলগেটৰ বিৰোধিতা কৰি কামৰূপ মহানগৰ জিলা উপায়ুক্তলৈ স্মাৰক–পত্র প্রেৰণ কৰে ৷ সংবাদ মেলত জনসাধাৰণৰ কথা গুৰুত্ব নিদি বলপূর্বকভাৱে টোলগেট স্থাপন কৰিলে ভাঙি পেলোৱা হ’ব বুলিও সকীয়াই দিয়ে সংবাদ মেলত ৷

You might also like