নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত চিকিৎসকৰ নজৰত দুই ব্যক্তি

নিয়মীয়া বার্তা, ১৮ মাৰ্চঃ ক’ৰোনা ভাইৰাছে বিশ্বজুৰি ত্রাস সৃষ্টি কৰাৰ সময়তে সোণাৰিত দুগৰাকী ব্যক্তিক সন্দেহবশতঃ চিকিৎসকৰ নজৰত ৰাখি যাৱতীয় পৰীক্ষা কৰাৰ প্রস্তুতি চলোৱা হৈছে বুলি জানিব পৰা গৈছে ৷ প্রাপ্ত তথ্য মতে দুয়োগৰাকী ব্যক্তিয়ে অগা–পিছাকৈ দক্ষিণ ভাৰতলৈ ফুৰিবলৈ গৈ সোণাৰিৰ বাসগৃহলৈ উভতি অহাৰ পিছতে দুয়োগৰাকী লোক শাৰীৰিকভাৱে অসুস্থ হৈ পৰে ৷ সোণাৰিৰ দুই পৃথক স্থানৰ বাসিন্দা এই লোক দুজনৰ অসুস্থতাৰ বাতৰি বিয়পি পৰাত একাংশ জনতা শংকিত হৈ পৰে ৷

You might also like