১০১ বৃত্তিমূলক শিক্ষকৰ চাকৰি ৬০ বছৰলৈ কৰিলে সুৰক্ষিত
নিয়মীয়া বাৰ্তা, ২১ মে: ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত কর্মৰত বৃত্তিমূলক শিক্ষকসকললৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে৷ সম্প্রতি সমগ্র শিক্ষাৰ অধীনত কর্মৰত ১০১গৰাকী বৃত্তিমূলক শিক্ষকৰ চাকৰি ৬০ বছৰলৈ সুৰক্ষিত কৰিছে ৰাজ্য চৰকাৰে৷ শিক্ষা বিভাগৰ প্রধান সচিব বি কল্যাণ চক্রৱর্তীয়ে জাৰি কৰা এক নির্দেশনা অনুসৰি ৬০ বছৰলৈ তেওঁলোকৰ চাকৰি সুৰক্ষিত কৰাৰ লগতে ৮,৭০০ টকা গ্রেড পে’ৰ সৈতে পে’ বেণ্ড–২ৰ আৰ’পি অনুসৰি লাভ কৰিব দৰমহা৷ অৱশ্যে ৬০ বছৰলৈ চাকৰি সুৰক্ষিত হ’লেও তেওঁলোকে লাভ নকৰিব পেন্সনৰ সা–সুবিধা৷ যোৱা এক এপ্রিলৰ পৰা এই নির্দেশনা কার্যকৰী কৰা হৈছে৷
উল্লেখ্য যে ২০১৫ চনৰ পৰা ৫৭খন মাধ্যমিক পর্যায়ৰ বিদ্যালয়ত বৃত্তিমূলক শিক্ষা আৰম্ভ কৰা হৈছে৷ নৱম আৰু দশম শ্রেণীৰ তথ্য–প্রযুক্তি আৰু খুচুৰা বাণিজ্য সন্দর্ভত বিভিন্ন পাঠ্যক্রম এই শিক্ষকসকলে পঢ়ুৱৈ আহিছে শিক্ষার্থীক৷ সমগ্র শিক্ষাৰ নেচনেল স্কিল কোৱালিফিকেচন ফ্রেমৱর্কৰ অধীনত এই শিক্ষকসকলক নিযুক্তি দিয়া হৈছিল৷ প্রাথমিক অৱস্থাত এই ঠিকা ভিত্তিক শিক্ষকসকলে ২৫ হাজাৰ টকা মাহিলি লাভ কৰি আহিছিল৷ নতুন শিক্ষা নীতিৰ অধীনত বৃত্তিমূলক শিক্ষা কার্যসূচীক মূল শিক্ষাৰ সৈতে একত্রিত কৰাত গুৰুত্ব দিয়াৰ পিছত বৃত্তিমূলক শিক্ষকসকলৰ চাকৰি সুৰক্ষিত কৰিবলৈ যোৱা ২০ ফেব্রুৱাৰীত কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হৈছিল৷