নিয়মীয়া বাৰ্তা, ২৫ এপ্রিলঃ লকডাউনৰ ফলত ৰাজ্যৰ ভিন্ন প্রান্তত আবদ্ধ হৈ পৰা লোকসকল তথা প্রব্রজিত শ্রমিকসকলৰ যাতায়াতৰ বাবে ৰাজ্য চৰকাৰে ২৫, ২৬, ২৭ এপ্রিলৰ আন্তঃজিলা যাতায়াত মুকলিৰ সিদ্ধান্ত গ্রহণ কৰিছে ৷ সেইমর্মে এখন জিলাৰ পৰা আন এখন জিলালৈ যাবলৈ আবদ্ধ হৈ থকা সহস্রাধিক লোকে ইতিমধ্যে জিলা উপায়ুক্ত আৰু ১০৪ৰ জৰিয়তে আবেদন জনাইছে ৷ শুকুৰবাৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আন্তঃজিলা যাতায়াত সম্পর্কত সবিশেষ তথ্য দাঙি ধৰি জানিবলৈ দিয়ে যে এতিয়ালৈ ৫১,৪০২জন লোকে এখন জিলাৰ পৰা আন এখন জিলালৈ যাবলৈ আবেদন জনাইছে ৷
এখন সংবাদ মেলৰ জৰিয়তে এই তথ্য দাঙি ধৰি মন্ত্রীজনে কয় যে আবেদন জনোৱা লোকসকলৰ ১৯,৭৪৫খন আবেদন নাকচ কৰা হৈছে ৷ আনহাতে, ২৫ এপ্রিল অর্থাৎ আজি যাত্রাৰ বাবে ১২,২০৬জন লোকে পাছ লাভ কৰিছে ৷ উল্লেখ্য যে কার্যালয়ত উপস্থিত থকা বাবে, ৰোগীক আন এখন জিলালৈ নিবলৈ অথবা বাধ্যতামূলকভাৱে আন এখন জিলালৈ নিজস্ব বাহনেৰে যাবলৈ জিলা উপায়ুক্তৰ জৰিয়তে আবেদন জনাবলৈ আহ্বান জনোৱা হৈছে ৷ সেইমর্মে ৰাজ্যৰ ৫০ সহস্রাধিক লোকে ই–মেইল তথা হোৱাট্ছএপযোগে জিলা উপায়ুক্তলৈ আবেদন জনোৱাৰ অন্তত ২৫ এপ্রিলৰ বাবে ১২,২০৬জন লোকক অনুমতি প্রদান কৰাৰ বিপৰীতে ২৬ এপ্রিলৰ বাবে ১৯ হাজাৰজন লোকক অনুমতি প্রদান কৰা হৈছে ৷ একেদৰে ২৭ এপ্রিলতো ১৯ হাজাৰজন লোকক অনুমতি প্রদান কৰা হ’ব ৷ মন্ত্রীগৰাকীয়ে শুকুৰবাৰে এইক্ষেত্রত স্পষ্ট কৰি দিয়ে যে এককমুখী যাত্রাৰ বাবে এই আন্তঃজিলা যাতায়াত মুকলি কৰি দিয়া হৈছিল যদিও বহু লোকে দুখন জিলালৈ যোৱাৰ অনুমতি বিচৰাৰ লগতে আন বহুতে যাত্রাৰ ন্যায়সংগত কাৰণ দাঙি ধৰিব নোৱাৰা বাবে ১৯,৭৪৫খন আবেদন নাকচ কৰা হৈছে ৷
ইফালে ৰাজ্যিক পৰিবহণ নিগমৰ বাছেৰে যাত্রাৰ বাবে ৪১,৬৫১জন লোকে আবেদন কৰা বুলি মন্ত্রীজনে উল্লেখ কৰে৷ তেওঁ কয়– ইমান বৃহৎসংখ্যক লোকৰ বাবে ৰাজ্যিক পৰিবহণ বিভাগে বিশেষ প্রস্তুতি চলাবলগীয়া হৈছে৷ কিয়নো এককমুখী যাত্রাৰ বাবে প্রস্তুত কৰা বাছসমূহে আৰম্ভণি আৰু গন্তব্য স্থলতহে ৰখিব৷ যাত্রা পথত ক’তোৱেই এই বাছসমূহ ৰখা নহয়৷ গতিকে ৪১,৬৫১জন লোকক তিনি দিনত কেনেদৰে নিয়া হ’ব, তাৰ এক বিশেষ কার্যসূচী প্রস্তুত কৰি তোলা হৈছে৷ সেইমর্মে যিসকল লোকে ১০৪ৰ জৰিয়তে আবেদন কৰি যাত্রাৰ অনুমতি লাভ কৰিছে, সেই লোকসকলৰ ম’বাইল ফোনত যাত্রাৰ বাবে একোখনকৈ ই–টিকট লাভ কৰিব৷ উক্ত টিকটৰ যাত্রাৰ সময়সূচী, বাছে যাত্রা কৰিব লগা স্থান, গন্তব্য স্থানৰ কথা উল্লেখ থাকিব ৷
সময়সূচী অনুসৰিয়েই লোকজনে উল্লেখ কৰি দিয়া স্থানত উপস্থিত হ’ব লাগিব৷ এই সন্দর্ভত ড০ শর্মাই কয়– বাছসমূহে নির্দিষ্ট এক স্থানৰ পৰাহে যাত্রীসকলক লৈ যাব৷ গতিকে সেই স্থানত যাত্রীসকল উপস্থিত হ’বলৈ ২৫, ২৬ আৰু ২৭ এপ্রিলত গুৱাহাটীত নির্দিষ্ট সময়ত পৰিবহণৰ বাছ, উবেৰ আৰু অ’লাৰ সেৱা মুকলি কৰা হ’ব৷ অর্থাৎ এই সেৱাৰ জৰিয়তে যাত্রা কৰিব খোজা লোকজনে ই–টিকটত উল্লেখ কৰা স্থানত উপস্থিত হ’ব লাগিব৷ মহানগৰীৰ ৫টা পইণ্টৰ পৰা পৰিবহণ নিগমৰ বাছসমূহে যাত্রা আৰম্ভ কৰিব৷ এই পইণ্টসমূহলৈ নির্দিষ্ট সময়ত অহাৰ বাবে যাত্রীসকলে উক্ত দিনা চলিব লগা চিটীবাছ সেৱা অথবা উবেৰ–’লাৰ সেৱা গ্রহণ কৰিব পাৰিব৷ আনহাতে, এই যাত্রা হ’ব সম্পূর্ণ বিনামূলীয়া৷ ইয়াৰ বাবদ যি ব্যয় হ’ব, পৰৱর্তী সময়ত স্বাস্থ্য বিভাগে পৰিবহণ বিভাগক আদায় দিব৷ মন্ত্রীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে যিহেতু একে সময়ত বহু যাত্রীয়ে যাতায়াত কৰিব, গতিকে প্রতিজন যাত্রীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক হ’ব৷ স্বাস্থ্য বিভাগে যাত্রাৰ প্রাক্মুহূর্তত আৰু গন্তব্য স্থান গৈ পোৱাৰ পাছত যাত্রীসকলক পৰীক্ষা কৰিব৷ ইফালে বহু লোকে আবেদন কৰিও যাত্রাৰ সুবিধা নোপোৱা বিষয়টোৰ কথা উল্লেখ কৰি মন্ত্রীজনে কয় যে লকডাউন যদি দীঘলীয়া হয়, ভৱিষ্যতে পুনৰ আন্তঃজিলা যাতায়াত মুকলি কৰা হ’ব৷ কিন্তু সদ্যহতে ৪১,৬৫১জন লোকক কাইলৈ আৰু ২৬, ২৭ এপ্রিলৰ যিকোনো এদিনত যাত্রা কৰাৰ সুবিধা দিয়া হ’ব৷ ইয়াৰ বাবে কোনো লোকে অযথা চিন্তিত হোৱাৰ প্রয়োজন নাই৷ যিসকল লোকৰ আবেদন গ্রাহ্য হৈছে, তেওঁলোকে ম’বাইলত নির্দিষ্ট সময়ৰ পূর্বেই ই–টিকট লাভ কৰিব৷