নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ ডিচেম্বৰত সুৰাপান কৰি গাড়ী চলালেই পৰিব বিপদত

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ সমাগত ৩১ ডিচেম্বৰ৷ নতুন বছৰক আদৰাৰ প্রস্তুতি এতিয়া তুংগত৷ নতুনক আদৰাৰ এনে তৎপৰতাৰ মাজতে আজি সুৰাপায়ীলৈ কঠোৰ সকীয়নি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ ৩১ ডিচেম্বৰ পালনৰ নামত যাতে কোনেও সুৰাপান কৰি গাড়ী নচলায়, তাৰ প্রতি আহ্বান জনালে মুখ্যমন্ত্রীগৰাকীয়ে৷ সংবাদ মাধ্যমৰ সন্মুখত এই সন্দর্ভত মুখ্যমন্ত্রীগৰাকীয়ে কয়– এইবাৰ সুৰাপান কৰা কোনো লোকে গাড়ী চলাব নোৱাৰিব৷ ৩১ ডিচেম্বৰত কোনোবাই পার্টী কৰক, অনুষ্ঠান কৰক, মোৰ কোনো আপত্তি নাই৷ কিন্তু গাড়ী চলোৱা মানুহজন সুৰাপায়ী হ’ব নালাগিব৷ সেয়াই নহয়, যদি সুৰাপায়ী চালকৰ লগত কোনোবাই গাড়ীত উঠে, তেন্তে গোটেইকেইজন ৩১ ডিচেম্বৰৰ দিনা থানাৰ আলহী হ’ব লাগিব৷ লকআপত আমি কোনো এজনকে নাৰাখোঁ৷ ভাল ঠাইতে ৰাখিম৷ ১ জানুৱাৰীতহে আমাৰ লগত থাকিব লাগিব৷ কিয়নো ৩১ ডিচেম্বৰৰ দিনা অসমত বহু পথ দুর্ঘটনা সংঘটিত হয়৷ সেয়ে এইবাৰ আৰক্ষীক নির্দেশ দিয়া হৈছে যে গাড়ীৰ চালকজন মদ নোখোৱা হ’ব লাগিব৷ যদি চালকজনে সুৰাপান কৰে, তেন্তে আৰোহীসকলো সেই নিশ আৰক্ষীৰ আলহী হৈ থাকিব লাগিব৷ উল্লেখ্য যে ৩১ ডিচেম্বৰৰ দিনটোত পথ দুর্ঘটনা ৰোধ কৰাৰ বাবে মুখ্যমন্ত্রীয়ে উক্ত দিনা ৰাজপথত আৰক্ষী নামিব বুলি পূর্বেও উল্লেখ কৰিছিল৷

You might also like