নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ জানুৱাৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাহৰকটীয়া সমষ্টিত দিনজোৰা কাৰ্যসূচী

নামফাকে-মেৰবিলত মুখ্যমন্ত্ৰীৰ বাবে দুয়োটা সাজৰ বাবে পৰম্পৰাগত খাদ্যৰ ব্যাপক সম্ভাৰ

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰী : ৫ জানুৱাৰীত দিনজোৰা কাৰ্যসূচীলৈ নাহৰকটীয়া বিধান সভা সমষ্টিত উপস্থিত হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। পোনপ্ৰথমে অসম অৰুণাচল সীমান্তৰ একেবাৰে প্ৰান্তীয় এলেকাত অৱস্থিত নামচাং চাহ বাগিচাত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰাম্ভ কৰিব দেশৰ ভিতৰতে বৃহৎ আকাৰত নিৰ্মাণ কৰিবলগীয়া প্ৰধানমন্ত্ৰীৰ আবাস কলনী ৷ উল্লেখ্য যে ৰাজহুৱা পৰিবহণ ব্যৱস্থাই ঢুকি নোপোৱা নামচাংত এইবাৰেই প্ৰথম এগৰাকী মুখ্যমন্ত্ৰী উপস্থিত হ’বগৈ ৷

ইয়াৰ পূৰ্বে নামচাঙলৈ মুখ্যমন্ত্ৰীহে নালাগে কোনো এজন ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী বাদেই মাথোঁ কিছুদিন পূৰ্বলৈকে বিধায়ক এজনো গৈ পোৱা নাছিল। অৱশ্যে মুখ্যমন্ত্ৰীৰ শিষ্য তৰংগ গগৈয়ে বিধায়ক হোৱাৰ পিচৰে পৰা উক্ত পৰম্পৰা ভংগ হৈছে ৷ নামচাঙত প্ৰধানমন্ত্ৰীৰ আবাস কলনীৰ শুভাৰাম্ভ কৰি তেওঁ এখন সভাত সম্বোধন কৰাৰ পিচত ৰাওনা হ’ব নামৰূপ বিভিএফচিএল হাস্পাটাললৈ। হাস্পাটাল পৰিদৰ্শনৰ পিচত তেওঁ উপস্থিত হ’ব ঐতিহ্যমণ্ডিত নামফাকেত ৷ অসম দৰ্শন আঁচনিৰ ধনেৰে নিৰ্মিত এটি পৰ্যটন ভৱন উন্মোচনৰ পিচত তেওঁ নামফাকেতে গ্ৰহণ কৰিব দুপৰীয়াৰ আহাৰ ৷ সামান্য জিৰণিৰ অন্ততঃ মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হ’বগৈ নাহৰকটীয়াৰ ৰাঙলী পথাৰত।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক অধিৱেশনস্থলীত তেওঁ উপস্থিত হৈ অধিৱেশনৰ কামকাজ সম্পৰ্কে বুজ ল’ব ৷ উল্লেখ্য যে জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰে জনোৱামতে সেইদিনাই জিলাখনৰ বিভিন্ন প্ৰান্তৰ দলীয় কৰ্মীসকলে অধিৱেশনস্থলীত শ্ৰমদান কৰিব আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে বাৰ্তালাপো কৰিব ৷ ইয়াৰ পিচতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাঙলী পথাৰত ছিগনেছাৰ প্ৰজেক্টৰ অধীনত নিৰ্মাণ হ’বলগীয়া আই.টি.আই ভৱনৰ আধাৰশিলা কৰিব ৷ পূৰ্বৰ বিধায়ক নৰেন সোনোৱালে নিজৰ কাৰ্যকালত আৱন্টন পোৱা এই কাৰিকৰী শিক্ষাপ্ৰতিষ্ঠানখন সমষ্টিত নালাগে বুলি প্ৰত্যাখ্যান কৰি ধিক্কাৰ লাভ কৰিছিল যদিও নবিধায়ক তৰংগ গগৈয়ে যৎপৰোনাস্তি চেষ্টা চলাই প্ৰতিষ্ঠানখন পুনৰ নাহৰকটীয়াত স্থাপন কৰিবলৈ সক্ষম হ’ল ৷ আই.টি.আইৰ আধাৰশিলা অনুষ্ঠানৰ পৰা উভতি ড°হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ’ব নাহৰকটীয়াৰ অসামৰিক চিকিৎসালয়ত ৷ চিকিৎসালয় আৰু সংলগ্ন আই.চি.ইউ পৰ্যবেক্ষণৰ অন্ততঃ দিনটোৰ অন্তিম কাৰ্যসূচী হিচাপে তেওঁ যাব মেৰবিল ইক’ টুৰিজিম প্ৰকল্পলৈ। তাতেই মুখ্যমন্ত্ৰীগৰাকীয়ে নিশাটো উদ্‌যাপন কৰাৰ কথা ৷

ইফালে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক নাহৰকটীয়াত উপস্থিত থকাকালত ভুড়িভোজনেৰে আপ্যায়িত কৰিবলৈ সাজু হৈ উঠিছে নামফাকে বৌদ্ধবিহাৰ আৰু মেৰবিল ইক’ টুৰিজিমৰ পাকঘৰ ৷ দিনৰ সাজ মুখ্যমন্ত্ৰীয়ে নামফাকেত গ্ৰহণ কৰা ৷ টাইফাকেৰ টোপোলাভাত, পৰম্পৰাগত মাছৰ টেঙা, বাদাম আৰু উৰিয়ামৰ ছাটনি, জুইত সেকা মাংস, উহোৱা জিলিমিলি -মানিমুনি আৰু নতুন আলুৰ লগতে হৰেকবিধৰ থলুৱা ব্যঞ্জন সাজু কৰিবলৈ নামফাকে বৌদ্ধবিহাৰৰ বিহাৰাধ্যক্ষ মৎ জ্ঞানপাল ভিক্ষুৱে গাওঁবাসীৰ সহযোগত আৰম্ভ কৰি দিছে ৷

ইফালে মেৰবিল ইক’ টুৰিজিম প্ৰকল্পৰ সঞ্চালক মণিমাণিক গগৈয়ে জনোৱামতে সৰু মাছৰ টেঙা আঞ্জা, মাছ পাতত দিয়া, ঔটেঙাৰ জোল, কচুৰ জালুকীয়া আঞ্জা এই সকলোবোৰেই নিশাৰ আহাৰত আপ্যায়িত কৰা হ’ব মুখ্যমন্ত্ৰীগৰাকীক ৷ সৰ্বোপৰি পুৱালৈ বিদায়ৰ বেলিকা চুঙা চাউল, চুঙা পিঠা, মহৰ দৈ, থলুৱা গুঁৰ, ঘিলা পিঠা, তিল পিঠা আদিৰে সম্পূৰ্ণ অসমীয়া “ব্ৰেকফাৰ্ষ্ট“ সাজু কৰা হৈছে মুখ্যমন্ত্ৰীৰ বাবে ৷ মুঠৰ ওপৰত পৰম্পৰাগত খাদ্যৰ ভুৰিভোজনৰে ড°হিমন্ত বিশ্ব শৰ্মাৰ বাবে ৫ জানুৱাৰীৰ দিনটো অনবদ্য হৈ পৰিব সেয়া নিশ্চিত হৈ পৰিছে ৷

প্ৰেৰকঃ বুলন শইকীয়া/ নাহৰকটীয়া

You might also like