নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত আঢ়ৈ মাহলৈ খাদ্যবস্তু মজুত আছেঃ মুখ্যমন্ত্ৰী সোণোৱাল

নিয়মীয়া বাৰ্তা ২০ এপ্ৰিলঃ আজি গুৱাহাটী নুনমাটি আৰু চাংসাৰিৰ এফ চি আই গুদাম পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এফ চি আই গুদাম পৰ্যবেক্ষণ কৰি কয় যে ৰাজ্য খনৰ যাতে এজনো লোকে খাদ্যৰ বস্তু পোৱাৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় তাৰ বাবে ৰাজ্য চৰাকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে সন্মিলিত ভাৱে খাদ্য বস্তু যোগান ধৰি আহিছে। আজি মুখ্যমন্ত্ৰী গৰাকীয়ে চাংসাৰি আৰু নুনমাটিৰ এফ চি আইৰ বিষয়া কৰ্মচাৰী সকলৰ সৈতে আলোচনাত মিলিত হয় আৰু বিষয়া সকলে মুখ্যমন্ত্ৰী গৰাকীক জনায় জনায় যে অসমত আঢ়ৈ মাহৰ বাবে খাদ্য মজুত আছে। আনহাতে অসম চৰকাৰে যি সকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই , গৃহ নাই তেওঁলোকক ৫ কেজি চাউল যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণ কালত সংগ দিয়ে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

You might also like