নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ পুনৰ বৃদ্ধি পালে ৰাজ্যত ক’ৰোনা আক্ৰান্তৰ সংখ্যা। নতুনকৈ ৪জন আক্ৰান্ত হ’ল COVID-19ত। নতুনকৈ আক্ৰান্ত হোৱা লোককেইজন বঙাইগাঁও জিলাৰ। টুইটাৰযোগে জনালে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বৰ্তমান অসমত প’জিটিভ ৰোগী আছে ১১জন, ২৯জনক ইতিমধ্যে হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে আৰু এজন লোকৰ মৃত্যু ঘটিছে। নতুনকৈ আক্ৰান্ত হোৱা লোককেইজন ক্ৰমে অনুুপম ঠাকুৰীয়া (চাপৰাকাটা), দীপক মল্লিক( অভয়াপুৰী), ববিতা বাছফৰ( ছহিদ বেদী) আৰু নীনা মল্লিক।
Alert ~ Four more #COVID positive cases are reported from Bongaingaon district.
The number of #COVID19 patients in Assam now stands at 41. ( 29 are discharged, 1 death, so active hospital cases 11.)
Update at 1 pm / April 30#AssamCovidCount
— Himanta Biswa Sarma (@himantabiswa) April 30, 2020