নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ নৱগঠিত অসম জাতীয় পৰিষদক (এজেপি) লৈ শাসকীয় বিজেপি দলে তুচ্ছ–তাচ্ছিল্য কৰি থকাৰ সময়তে শাসকীয় বিজেপিৰ ১০ৰ পৰা ১৫গৰাকী বিধায়কে নতুন দলটোৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে৷ অনাগত দিনত জাতীয় পৰিষদত তেওঁলোকে যোগদানৰ বাবেই এই যোগাযোগ চলাই আছে৷ –এই মন্তব্য অসম জাতীয় পৰিষদৰ কার্যকৰী সভাপতি তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্র ডেকাৰ৷ ডেকাই জানিবলৈ দিয়া মতে, বিজেপিৰ বহু বিধায়কে বর্তমান তেওঁলোকৰ সৈতে যোগাযোগত আছে৷ ১০ৰ পৰা ১৫জন বিধায়কে পূর্ণ যোগাযোগ অব্যাহত ৰাখিছে৷ অনাগত দিনত তেওঁলোকে বিজেপি ত্যাগ কৰি এজেপি দলত যোগদান কৰিলেও আচৰিত হ’বলগীয়া একো নাই৷ ইপিনে নৱগঠিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত নির্বাচনী মিত্রতা হোৱাটো সম্পূর্ণ নিশ্চিত বুলি উল্লেখ কৰি কয় যে তেওঁলোক দুয়োটা দলে যৌথভাৱে আসন্ন বিধানসভা নির্বাচনত অৱতীর্ণ হ’ব৷ অহা জানুৱাৰী মাহৰ প্রথম ভাগত ৰাইজৰ দলে পূর্ণাংগ ৰূপ পোৱাৰ পাছতেই দুয়োটা দলে এইক্ষেত্রত আনুষ্ঠানিকতা সম্পূর্ণ কৰিব৷ অৱশ্যে পুৰণা আঞ্চলিক দল অগপৰে তেওঁলোকৰ কোনো মিত্রতা বা মর্চা নহয় বুলি স্পষ্ট কৰি দিয়ে৷ ইপিনে সদ্যসমাপ্ত বিটিচি নির্বাচনত বিজেপিৰে মিত্রতা ভংগ হোৱা বি পি এফ দলৰ সৈতে অনাগত দিনত এজেপিৰ মিত্রতা হ’ব বুলি কার্যকৰী সভাপতি ডেকাই আশা ব্যক্ত কৰে৷ এই সম্পর্কত ডেকাই কয় যে বি পি এফৰ সৈতে বর্তমান তেওঁলোকৰ প্রাৰম্ভিক কথা–বতৰা চলি আছে৷ অহা ১৫ জানুৱাৰীৰ পাছত এই ছবিখন পৰিষ্কাৰ হোৱাৰ সম্ভাৱনা আছে৷ সেইদৰে অগপ দলৰো ৮০ শতাংশ তৃণমূল কর্মী অনাগত দিনত এজেপি দলত অংশগ্রহণ কৰিব বুলিও তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে৷