নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঠ মাহৰ ভিতৰত ৰাজ্যত ১০০ শতাংশ বিদ্যুতীকৰণ

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ বিদ্যুৎ খণ্ডৰ ওপৰতে এখন ৰাজ্যৰ উন্নয়ন বহুখিনি নির্ভৰ কৰে৷ সেয়া কৃষি, উদ্যোগ, বাণিজ্য, যাতায়াত হওক, বিদ্যুৎ অর্থাৎ শক্তি অবিহনে সেয়া সঠিক দিশত আগবঢ়াই নিয়া সম্ভৱ নহয়৷ সেয়ে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে শক্তিখণ্ডত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু বহুখিনি আগবাঢ়িবলৈও সক্ষম হৈছে৷ এইক্ষেত্রত ৰাইজৰ সহযোগিতাও চৰকাৰে নিশ্চয়কৈ লাভ কৰিছে৷

শনিবাৰে যোৰহাটত এই মন্তব্য কৰে ৰাজ্যৰ শক্তিমন্ত্রী বিমল বৰাই৷ বিভাগীয় কাম–কাজৰ বুজ লোৱাৰ উদ্দেশ্য যোৰহাট বিদ্যুৎ ভৱনত উপস্থিত হোৱা মন্ত্রী বৰাই কয়– ছয়ৰ পৰা আঠ মাহৰ ভিতৰত ৰাজ্যত এশ শতাংশ বিদ্যুতীকৰণ সম্ভৱ কৰি তোলাৰ লক্ষ্য স্থিৰ কৰি লৈছে ৰাজ্য চৰকাৰে৷ বর্তমান ৰাজ্যত প্রায় ৪.৮০ লাখ লোক বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত হৈ আছে৷ এইসকল লোকক বিদ্যুৎ যোগান ধৰাৰ লক্ষ্যৰে কেন্দ্রই সৌভাগ্য নামৰ এখন আঁচনি গ্রহণ কৰিছে৷ এই আঁচনি অনুসৰি অৱশিষ্ট লোকসকলক বিদ্যুৎ যোগানৰ বাবে প্রাক্কলন প্রস্তুত কৰি তোলা হৈছে৷

আনহাতে, যিবোৰ অঞ্চললৈ অনগ্রিডযোগে (খুঁটাৰে) বিদ্যুৎ যোগান সম্ভৱপৰ নহয়, তেনেবোৰ অঞ্চলত অফ গ্রিডযোগে অর্থাৎ সৌৰশক্তি যোগানৰ বাবে আঁচনি গ্রহণ কৰা হৈছে৷ আশা কৰা হৈছে অহা ছয়–সাত মাহৰ ভিতৰত বিদ্যুতীকৰণৰ পৰা বাদ পৰি ৰোৱা সকলোকে বিদ্যুৎ যোগান ধৰা সম্ভব হৈ উঠিব৷ এই আশা ব্যক্ত কৰি মন্ত্রী বৰাই কয় যে নিয়মীয়া আৰু গুণগত বিদ্যুৎ যোগান নিশ্চিত কৰিবৰ বাবেও চৰকাৰে সংকল্প গ্রহণ কৰিছে, সেই অনুসৰি আওপুৰণি বহু ব্যৱস্থা আধুনিকীকৰণৰ লগতে বিদ্যুৎ চুৰি ৰোধ কৰা, লোকচান হ্রাস কৰাৰ বাবে বাস্তৱ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ এইক্ষেত্রত সকলো ৰাইজকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷

অৱশ্যে বিদ্যুৎ বিভাগৰ সীমাবদ্ধতা আৰু কর্মচাৰীৰ নাটনিৰ কথা স্বীকাৰ কৰি তেওঁ কয়– চাৰি বছৰ আগলৈকে বিদ্যুৎ গ্রাহকৰ সংখ্যা আছিল ৪২ লাখ আৰু কর্মচাৰীৰ সংখ্যা আছিল ১১ হাজাৰ৷ কিন্তু কেন্দ্রীয় চৰকাৰৰ দীনদয়ালৰ আঁচনি গ্রহণ কৰাৰ ফলত বর্তমান গ্রাহকৰ সংখ্যা ৬৪ লাখলৈ বৃদ্ধি পালে, কিন্তু কর্মচাৰীৰ সংখ্যা বৃদ্ধি নহ’ল বৰং হ্রাসহে পালে৷ বর্তমান ন হাজাৰমান কর্মচাৰীয়েহে কাম কৰি আছে৷ সেয়ে নতুন নিযুক্তিৰ ক্ষেত্রত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি পূর্বে পৰীক্ষা অনুষ্ঠিত কৰা উত্তৰবহীসমূহ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এখন উচ্চ পর্যায়ৰ সমিতিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশনা অনুসৰি মূল্যায়ন কৰি আছে, সেই মূল্যায়ন সম্পূর্ণ হ’লেই খালী থকা ১৮ হাজাৰ পদত নিযুক্তি প্রক্রিয়া আৰম্ভ হ’ব বুলি সদৰী কৰে মন্ত্রীজনে৷

তদুপৰি নতুনকৈ অভিযন্তা পদতো নিযুক্তি দিবলৈ বিজ্ঞাপন প্রকাশ কৰা হ’ব বুলি মন্ত্রী বৰাই সংবাদ মাধ্যমক অৱগত কৰে৷ সাংবাদিকৰ এক প্রশ্ণৰ উত্তৰত মন্ত্রী বৰাই কয় যে শক্তিখণ্ডত বহু কাম কৰিব লগা আছে, এই সকলো কৰিবলৈ আৰু আঠ–ন বছৰৰ প্রয়োজন হ’ব, তেতিয়াহে সকলোৱে আশা কৰা ধৰণে ২৪ ঘণ্টাই বিদ্যুৎ যোগান সম্ভৱ হ’ব বুলি শক্তিমন্ত্রীজনে আশা ব্যক্ত কৰে৷ শেহতীয়াকৈ বিভাগীয় ছাব–ষ্টেচন বৃদ্ধি কৰাৰ বাবেও ব্যৱস্থা গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ সংবাদ মেলৰ অন্তত বিভাগীয় বিষয়া–কর্মচাৰীসক সৈতে এক পর্যালোচনা বৈঠকত মিলিত হয়৷ বৈঠকত উজনিৰ অসমৰ মুখ্য অভিযন্তা মনোৰঞ্জন কলিতা আৰু যোৰহাট জিলাৰ শীর্ষ বিষয়াসকল উপস্থিত আছিল৷

You might also like