নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এশ শতাংশ ফলাফল এইচ্ এম্ কনিষ্ঠ মহাবিদ্যালয়ৰ

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ “ঐতিহ্যমণ্ডিত কটন ক’লেজত অধ্যয়ন কৰি থাকোতেই মনত এটি আশা পুহি ৰাখিছিলো যে আমাৰ সমাজৰ পিছপৰা গাঁও সমূহৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক যিকোনো প্ৰকাৰে আগবঢ়াই নিয়াৰ দায়িত্ব এদিন আমিয়েই ল’ম।” কালি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষিত হোৱাৰ পাছত এইদৰেই মন্তব্য কৰিলে ডুমডুমা থানাৰ অন্তৰ্গত কাকজানৰ এইচ্ এম্ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ অভিজিৎ মৰাণে। তেওঁ তেনে উদ্দেশ্য আগত ৰাখিয়েই বিগত ২০ জুন, ২০১৮ তাৰিখৰ বিষ্ণু ৰাভা দিৱসৰ দিনা আৰম্ভ কৰিছিল তিনিচুকীয়া জিলাৰ ডুমডুমাৰ পৰা প্ৰায় ১৫ কি:মি: ভিতৰৰ কাকজান গাঁৱত এইচ্ এম্ কনিষ্ঠ মহাবিদ্যালয়খন। তেওঁ সদৌ মৰাণ ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক হিচাপে সামাজিক দায়িত্ব সমূহ নিয়াৰিকৈ পালন কৰাৰ পাছতো শিক্ষানুষ্ঠানটোৰ ছাত্ৰ-ছাত্ৰী সকলক উপযুক্ত শিক্ষাদানত কৃপণালি কৰা নাছিল। শিক্ষানুষ্ঠানটিৰ পৰা প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ পৰীক্ষাৰ্থী সকলে চূড়ান্ত পৰীক্ষাৰ কালি ঘোষিত ফলাফলত এশ শতাংশ সুফল প্ৰদৰ্শন কৰে। মুঠ অৱতীৰ্ণ ৯ গৰাকী পৰীক্ষাৰ্থীৰ ৬ গৰাকীয়ে প্ৰথম আৰু ৩ গৰাকীয়ে দ্বিতীয় বিভাগ লাভ কৰে। পৰীক্ষাৰ্থীসকল ক্ৰমে গীতাঞ্জলি চেতিয়া (অসমীয়া, সমাজশাস্ত্ৰ, শিক্ষা), মনেশ্বৰ ঠাকুৰ (সমাজশাস্ত্ৰ, শিক্ষা, ৰাজনীতি বিজ্ঞান), কৃষ্ণামণি মৰাণ (অসমীয়া, সমাজশাস্ত্ৰ, ৰাজনীতি বিজ্ঞান), কুন্তি মাহাতু (ৰাজনীতি বিজ্ঞান, সমাজশাস্ত্ৰ), বিতু ডেকা, ৰাধা শৰ্মা, চিত্ৰলেখা মৰাণ (সমাজশাস্ত্ৰ), পৰাগ বড়া আৰু চন্দ্ৰ বাহাদুৰ চেত্ৰী।

You might also like