অতিৰিক্ত পদত নিযুক্তিপ্রাপ্ত ১,৫৭৪ শিক্ষকক নিয়মীয়া পে’ স্কেল
মধ্যাহ্ণ ভোজনৰ ১,১৮,৯৯৮ ৰান্ধনী সহায়িকালৈ মাহে ৫০০ টকীয়া অতিৰিক্ত মাননি
নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ মধ্যাহ্ণ ভোজনত নিয়োজিত হৈ থকা ১,১৮,৯৯৮ ৰান্ধনী–সহায়িকা, অতিৰিক্ত পদত নিযুক্ত হৈ থকা ১,৫৭৪গৰাকী শিক্ষক–শিক্ষয়িত্রী, প্রশিক্ষণ নথকা ২,৯৬০গৰাকী শিক্ষক–শিক্ষয়িত্রীৰ বাবে শাৰদীয় দুর্গোৎসৱৰ প্রাক্ক্ষণত সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে৷ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত কয় যে ৰাজ্যখনত মধ্যাহ্ণ ভোজনত ১,১৮,৯৯৮গৰাকী ৰান্ধনী আৰু সহায়িকা নিয়োজিত হৈ আছে৷ ভাৰত চৰকাৰৰ পৰা তেওঁলোকে প্রতিমাহে এহেজাৰ টকাকৈ লাভ কৰে৷ অংগনৱাড়ী কর্মী–সহায়িকা, আশাকর্মীক ৰাজ্য চৰকাৰে অতিৰিক্ত মাননি দিয়াৰ দৰে এতিয়াৰে পৰা মধ্যাহ্ণ ভোজনৰ ৰান্ধনী আৰু সহায়িকাসকলকো অসম চৰকাৰৰ তৰফৰ পৰা মাহে ৫০০ টকাকৈ মাননি আগবঢ়াব৷ যোৱা ১ এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ এই মাননি লাভ কৰিব৷ যোৱা এপ্রিল মাহৰ পৰা অক্টোবৰ মাহপর্যন্ত এই মাননিৰ ধন দুর্গা পূজাৰ আগে আগে তেওঁলোকৰ একাউণ্টযোগে প্রদান কৰা হ’ব৷ ইয়াৰ বাবে বিত্ত বিভাগে ইতিমধ্যে ৩৪.২০ কোটি টকা অনুমোদন দিছে৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ বছৰি ৬০ কোটি টকা ব্যয় হ’ব৷ ইপিনে, ১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত অনুমোদিত পদৰ বিপৰীতে অতিৰিক্ত পদত নিযুক্তিপ্রাপ্ত শিক্ষকৰ সমস্যাৰ বিষয়ে উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে ২০০৭ চনলৈ ছেগা–চোৰোকাকৈ দৰমহা লাভ কৰা আৰু প্রশিক্ষণ পর্যন্ত গ্রহণ কৰা ১,৫৭৪গৰাকী শিক্ষকক অহা ১ নৱেম্বৰৰ পৰা নিয়মীয়া পে’ স্কেল দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ সমিলমিলৰ মাজেৰে তেওঁলোকক নিয়মীয়া পে’ স্কেল দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ এই প্রসংগতে তেওঁ কয় যে মনোজ শর্মা বনাম অসম চৰকাৰৰ এটা গোচৰ সম্পর্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তদানীন্তন ন্যায়াধীশ ৰঞ্জন গগৈয়ে এক নির্দেশত তেনেধৰণৰ চাৰি হাজাৰ শিক্ষক আছে বুলি উল্লেখ কৰিছিল৷ ২০০১ চনৰ পৰা কোনো এখন চৰকাৰে সেই সমস্যাৰ সমাধান কৰিবলৈ সক্ষম নহ’ল৷ তদুপৰি উমা দেৱীৰ আন এটা গোচৰতো অবৈধ নিযুক্তি কেতিয়াও নিয়মীয়া কৰিব নোৱাৰে বুলি ন্যায়ালয়ৰ আন এটা ৰায় আছে৷ ইয়াৰ পৰিপ্রেক্ষিতত ২০১৪ চনত চৰকাৰে মাণ্ডলিক আয়ুক্তৰ জৰিয়তে সেইসকল শিক্ষকৰ নথিপত্র পৰীক্ষণৰ কাম আৰম্ভ কৰে৷ সেই নথিপত্র পৰীক্ষণত একাংশ তেনেধৰণৰ শিক্ষকে মাজে–সময়ে দৰমহা লাভ কৰা আৰু একাংশই শিক্ষকৰ প্রশিক্ষণ গ্রহণৰ তথ্য লাভ কৰে৷ সেই অনুসৰি চৰকাৰে ১,৫৭৪গৰাকী শিক্ষকক অহা ১ নৱেম্বৰৰ পৰা কার্যকৰী হোৱাকৈ নিয়মীয়া পে’ স্কেলত দৰমহা প্রদানৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ আনহাতে ৰাজ্যখনত ২,৯৬০গৰাকী শিক্ষকে দৰমহা লাভ কৰে যদিও তেওঁলোকে এতিয়ালৈ প্রশিক্ষণ গ্রহণ কৰা নাই৷ সেইসকল শিক্ষককো শিক্ষা বিভাগে টিউটৰ হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ অহা ১ নৱেম্বৰৰ পৰা সেইসকল শিক্ষকেও টিউটৰ হিচাপে দৰমহা লাভ কৰিব৷ সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই প্রাদেশিকীকৰণৰ দ্বিতীয়খন তালিকা অহা নৱেম্বৰ মাহত প্রকাশ পাব বুলি উল্লেখ কৰি কয় যে শিক্ষা বিভাগ বর্তমান সমস্যামুক্ত হোৱাৰ পথত৷ টেট শিক্ষকৰ চুক্তিপত্র সংশোধনী কৰি তেওঁলোকৰ সমস্যা সমাধান কৰা হৈছে৷ হাইস্কুলত কর্মৰত ঠিকাভিত্তিক শিক্ষকৰো সমস্যা সমাধান হৈছে৷ মাধ্যমিক শিক্ষা বিভাগত ৫১৪গৰাকী শিক্ষকৰ কিছু সমস্যা আছে৷ সেয়াও অচিৰেই সমাধান কৰা হ’ব৷
চুক্তিপত্র সংশোধনী কৰাৰ সিদ্ধান্তক আদৰণি টেট উত্তীর্ণ শিক্ষক সমাজৰ, শিক্ষামন্ত্রীক ধন্যবাদ জ্ঞাপন
সর্বশিক্ষাৰ অধীনত কর্মৰত প্রাথমিক টেট উত্তীর্ণ শিক্ষকসকলৰ চুক্তিপত্র সংশোধনী কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে৷ ইয়াৰ বাবে তেওঁলোকে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰে৷ টেট উত্তীর্ণ শিক্ষক সমাজৰ সভাপতি ত্রৈলোক্য ডেকাই এক বিবৃতিত কয় যে যোৱা এক জুলাইত প্রাথমিক শিক্ষা বিভাগে সর্বশিক্ষাৰ অধীনত কর্মৰত প্রাথমিক টেট উত্তীর্ণ শিক্ষকসকলৰ চাকৰিৰ কার্যকাল ৬০ বছৰলৈ বৃদ্ধি কৰাৰ লগতে অন্যান্য সা–সুবিধা প্রদান কৰে৷ চৰকাৰৰ সেই সিদ্ধান্তত টেট উত্তীর্ণ শিক্ষকসকল উৎফুল্লিত হয় যদিও পৰৱর্তী সময়ত সেই নির্দেশনাৰ লগত সংলগ্ণ হৈ অহা এখন চুক্তিপত্রৰ কিছু দফাক লৈ অসন্তুষ্টিয়ে দেখা দিয়ে৷ যোৱা ৮ অক্টোবৰত টেট উত্তীর্ণ শিক্ষক সমাজ আৰু সর্বশিক্ষা অভিযান মিছনৰ মাজত হোৱা আনুষ্ঠানিক আলোচনাৰ পিছত চুক্তিপত্রখনৰ সংশোধনী অনা হয়৷ শিক্ষামন্ত্রী ড০ শর্মাৰ সদিচ্ছাৰ বাবেই সেই সংশোধনী হোৱা বুলি উল্লেখ কৰি ইয়াৰ বাবে তেওঁলোকে মন্ত্রী ড০ শর্মাৰ লগতে সর্বশিক্ষাৰ মিছন সঞ্চালক, বিশেষ কর্তব্যৰত বিষয়া, মুখ্য গাণনিক বিষয়াক ধন্যবাদ জ্ঞাপন কৰে৷
এক নৱেম্বৰৰ পৰা ৰূপায়ণ হ’ব অৰুণোদয়
ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় অহা ১ নৱেম্বৰৰ পৰা ৰূপায়ণ হ’ব৷ মঙলবাৰে গুৱাহাটীত এখন সংবাদ মেলত এই কথা প্রকাশ কৰিছে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রী শর্মাই কয় যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক তেওঁলোকৰ একাউণ্টত অহা ১৫–১৬ নৱেম্বৰত ধন আদায় দিব পৰাৰ আশা কৰা হৈছে৷ বর্তমান হিতাধিকাৰীসকলৰ প্র–পত্র গ্রহণ কৰি থকা হৈছে৷ ইতিমধ্যে ২০ লাখ হিতাধিকাৰীৰ ভিতৰত ৮ লাখৰ বেংক একাউণ্ট নম্বৰ লাভ কৰা হৈছে৷ প্রতিগৰাকী হিতাধিকাৰীয়ে অহা ১ নৱেম্বৰৰ পৰা কার্যকৰী হোৱাকৈ একাউণ্টযোগে ধন লাভ কৰিব৷